• ব্লেক মেজিক! আত্মাৰ ভয় দেখুৱাই স্বয়ম্ভু তান্ত্ৰিকে জংঘলত কিশোৰীক কৰিলে বলাৎকাৰ, মাতৃও গ্ৰেপ্তাৰ

    ৰাষ্ট্ৰীয়
    ব্লেক মেজিক! আত্মাৰ ভয় দেখুৱাই স্বয়ম্ভু তান্ত্ৰিকে জংঘলত কিশোৰীক কৰিলে বলাৎকাৰ, মাতৃও গ্ৰেপ্তাৰ

    ডিজিটেল ডেস্কঃ ‘ব্লেক মেজিক’-শুনিলেই ভয় লগা এটি শব্দ! ব্লেক মেজিকৰ কাহিনী আমি টেলিভিছনৰ পৰ্দাত বহুবাৰ দেখিছো৷ বহু কাহিনী কিতাপে-পত্ৰই পঢ়িবও পাইছো৷ কিন্তু কিতাপে-পত্ৰই পঢ়িব পৰা এই কাহিনী সঁচা হ’লে কিমান ভয়ানক হ’ব পাৰে মানুহৰ জীৱন, সেয়া আমি হয়তো কল্পনাও কৰা নাই৷ ঠিক তেনেদৰে ব্লেক মেজিকৰ জৰিয়তে বহুজনৰ ওপৰত নিজৰ স্বাৰ্থসিদ্ধি কৰাৰ কাহিনীও ভিন্ন ওলাব৷ তেনে এক কৰুণ ঘটনাৰ সাক্ষী হ’ল সমগ্ৰ দেশ৷ মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱান্দিত এগৰাকী স্ব-ঘোষিত গডমেনে ব্লেক মেজিকৰ আসোঁৱাহ লৈ ধৰ্ষণ কৰিলে এগৰাকী কিশোৰীক৷ জানিব পৰা মতে, ১৬ বছৰীয়া এগৰাকী কন্যাক ৰোগ নিৰাময়ৰ বাবে নিজ মাতৃয়ে এগৰাকী স্ব-ঘোষিত গডমেনৰ ওচৰলৈ লৈ গৈছিল৷ আৰু লম্পট গডমেনে ৰোগ নিৰাময়ৰ অজুহাতত মাতৃৰ অনুমতি লৈ ঘন জংঘলত কিশোৰীগৰাকীক বলাৎকাৰ কৰে৷ ভুক্তভোগী কিশোৰীগৰাকীয়ে ইয়াৰ সন্দৰ্ভত নাৰপলি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে৷ লগে লগে স্বয়ম্ভু গডমেন বুলি চিনাকী দিয়া ভণ্ড তান্ত্ৰিক লগতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷





    Photo Credit : Internet





    অভিযোগকাৰীৰ বৰ্ণনা অনুসৰি, কিশোৰীগৰাকীৰ ডিঙিৰ তীব্ৰ বিষ হৈছিল আৰু অভিযুক্তজনে দাবী কৰিছিল যে, এজন মৃত খুৰাকৰ ভূতে ধৰি ৰাখিছিল৷ আনহাতে, এই ভূতক খেদি কিশোৰীগৰাকীক আৰোগ্য কৰিব পাৰিব বুলিও বিশ্বাস দিছিল লম্পটজনে। লগতে মাতৃৰ পৰামৰ্শ লৈ এখন জংঘললৈ নিছিল ভুক্তভোগী কিশোৰীগৰাকীক আৰু তাৰ-পাছতেই উপৰ্যুপৰি ধৰ্ষণ কৰিছিল লম্পট তান্ত্ৰিকটোৱে। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যই৷





    Photo Credit : Internet




    মাতৃগৰাকীৰ লগতে লম্পটজনৰ ওপৰত আইপিচিৰ ধৰা সন্নিবিষ্ট কৰিছে৷ লগতে ‘POCSO’ আইন আৰু মহাৰাষ্ট্ৰ মানৱ বলিদান প্ৰতিৰোধ আৰু নিৰ্মূল আৰু অন্যান্য অমানৱীয়, দুষ্ট আৰু অঘোৰী প্ৰথা আৰু ক’লা যাদু আইনৰ অধীনত অভিযুক্ত কৰা হৈছে।