International
ডিজিটেল ডেস্ক: ভাগ্য চক্ৰই মানুহক কোন পিনে টানি নিয়ে সেয়া কোনেও ক’ব নোৱাৰে।ভাগ্যৰ এই অবিশ্বাস্য খেলেই ঘটি গ’ল কেৰালাৰ এৰ্নাকুলাম জিলাৰ এগৰাকী অটো-ৰিক্সাচালক জয়পালন পি আৰৰ সৈতে। কোচিৰ মৰডু অঞ্চলৰ বাসিন্দা জয়পালনে কেৰালাৰ ৰাজ্য চৰকাৰে আয়োজন কৰা ১২ কোটি টকা পুৰস্কাৰৰ থিৰুভোনাম বাম্পাৰ লটাৰীৰ বিজয়ী হিচাপে ঘোষিত হয়।
জয়পালনে স্থানীয় সংবাদ মাধ্যমক কয় যে ১০ ছেপ্টেম্বৰৰ দিনাখন তেওঁ ৩০০ টকা মূল্যৰ টিকট এটি সংগ্ৰহ কৰিছিল।তেওঁ কয় যে লটাৰীৰ টিকট ক্ৰয় কৰাতো তেওঁৰ পুৰণি অভ্যাস। অৱশ্যে দীৰ্ঘদিন ধৰি লটাৰী টিকট ক্ৰয় কৰি অহাৰ পিছতো তেওঁ ইয়াৰ পূৰ্বে কেৱল এবাৰেই ৫০০০ টকা লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে কৰ আৰু অন্যান্য কমিছন আদি কৰ্তন কৰাৰ পিছত জয়পালনে লাভ কৰিব প্ৰায় ৭.৪ কোটি টকা। এই টকাৰে তেওঁ পূৰ্বৰ ঋণ পৰিশোধ কৰাৰ লগতে নিজৰ ল’ৰা-ছোৱালীক সুশিক্ষা প্ৰদান কৰিব বুলি জনায়।
উল্লেখ্য যে এই প্ৰতিযোগিতাৰ ফলাফল ঘোষণাৰ পিছতেই সূত্ৰপাত হৈছিল বিতৰ্কৰ। ডুবাইৰ হোটেল এখনত ৰান্ধনী হিচাপে কৰ্মৰত ৱায়ানাড জিলাৰ চৈয়দ আলাভি নামৰ এগৰাকী লোকে নিজকে উক্ত বটাৰ বিজয়ী বুলি দাবী কৰিছিল যদিও পিছত তেওঁৰ দাবী মিছা বুলি প্ৰমাণ হয়।
যি নহওঁক,ল’টাৰী খেলি ১২ টকা লাভ কৰা এই ঘটনাই এতিয়া চকু কপালত তুলিছে বহুতৰে।
Leave A Comment