• ভাষণৰত অৱস্থাতে মঞ্চতে ঢলি পৰিল মুখ্যমন্ত্ৰী !

    ৰাষ্ট্ৰীয়
    ভাষণৰত অৱস্থাতে মঞ্চতে ঢলি পৰিল মুখ্যমন্ত্ৰী !

    গান্ধীনগৰ : ভাষণৰত অৱস্থাতে মঞ্চতে ঢলি পৰিল গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী৷ দেওবাৰে বদো'ড্ৰাৰ নিজামপুৰৰ এখন সমাৱেশত এই ঘটনা সংঘটিত হয়৷ ৬৪বছৰীয়া মুখ্যমন্ত্ৰীগৰাকীক ততাতয়াকৈ চিকিৎসাৰ বাবে বিমানেৰে আহমেদাবাদৰ হাস্পতলত ভৰ্তি কৰোৱা হয়৷





    আৰু পঢ়িব পাৰিব : আকৌ অসমলৈ মোদী-শ্বাহ : ক’ত, কেনেকৈ প্ৰস্তুতি ?





    মুখ্যমন্ত্ৰীৰ এই অৱস্থাৰ পাছতে সতীৰ্থ মন্ত্ৰী-নেতাৰ মাজত হুৱা-দুৱা লাগে৷ মুখ্যমন্ত্ৰীগৰাকীৰ ৰক্তচাপ আৰু মধুমেহ পৰিমাণ হঠাতে কমি যোৱাৰ বাবে এই ঘটনা ঘটে বুলি জানিব পৰা গৈছে৷





    আৰু পঢ়িব পাৰিব : গুৱাহাটীত বিদেশ মন্ত্ৰী-জাপানৰ ৰাষ্ট্ৰদূত : কামাখ্য দৰ্শন কৰোৱালে মন্ত্ৰী হিমন্তই…





    ২১ ফেব্ৰুৱাৰীত গুজৰাট পৌৰসভাত নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ এক জনসভাত অংশ লৈছিল৷ বৰ্তমান মুখ্যমন্ত্ৰী সুস্থ বুলি জানিবলৈ দিয়ে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীয়ে৷