• ভাৰতত ক্ৰমাগত পঞ্চম দিনৰ বাবে কৰ'নাত আক্ৰান্তৰ অভিলেখ !

    ৰাষ্ট্ৰীয়
    ভাৰতত ক্ৰমাগত পঞ্চম দিনৰ বাবে কৰ'নাত আক্ৰান্তৰ অভিলেখ !

    নতুন দিল্লী : ভাৰতত ক্ৰমাগতভাৱে পঞ্চম দিনৰ বাবে কৰ'নাত আক্ৰান্তৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছে৷ দেওবাৰে দেশত ৩ লাখ ৫২ হাজাৰ ৯৯১জন লোক কৰ’নাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হয় ২,৮৯১ গৰাকী ক’ভিড ৰোগীৰ৷





    আৰু পঢ়িব পাৰিব: শত্ৰুতা পাহৰি ভাৰতৰ সৈতে থকাৰ বাৰ্তা পাক প্ৰধানমন্ত্ৰীৰ…





    দেশত এসপ্তাহত ৰোগীৰ সংখ্যা ২২.৪৯ লাখলৈ বৃদ্ধি পায়৷ বিগত সময়ছোৱাত কৰ'নাত আক্ৰান্তৰ দিশৰ পৰা ব্ৰাজিল, ব্ৰিটেইনক অতিক্ৰম কৰে ভাৰতে৷ বিশেষকৈ মহাৰাষ্ট্র, উত্তৰ প্ৰদেশত প্ৰতিদিনে বৃদ্ধি পাইছে সংক্ৰমণ৷ মহাৰাষ্ট্রত কালিৰ দিনটোত ৬৬ হাজাৰৰো অধিক লোক আক্ৰান্ত হয়৷





    আৰু পঢ়িব পাৰিব:  বোৱাৰীক হত্যা কৰি ঘৰৰ সকলো সামগ্ৰী লৈ পলায়ন স্বামীৰ পৰিয়াল





    আনহাতে, কৰ্ণাটক, কেৰালা, দিল্লীতো দৈনিক বৃদ্ধি পাইছে কৰ’না ৰোগীৰ সংখ্যা৷