• ভাৰতত প্ৰতিবছৰে প্ৰতিজন ব্যক্তিয়ে ৫০ কিলোগ্ৰাম খাদ্য অপচয় কৰে

    ৰাষ্ট্ৰীয়
    ভাৰতত প্ৰতিবছৰে প্ৰতিজন ব্যক্তিয়ে ৫০ কিলোগ্ৰাম খাদ্য অপচয় কৰে

    নতুন দিল্লী: অলপতে প্ৰকাশ পোৱা এক সমীক্ষাই বিশ্বব্যাপী চৰ্চা লাভ কৰিবলৈ হৈছে৷ সমীক্ষাটোত এটা বৰ্ষত ঘৰুৱাভাৱে অপচয় কৰা খাদ্যৰ হিচাপ প্ৰকাশ পায়৷ ২০১৯ চনৰ এই সমীক্ষাটোত আনুমানিক ৯৩১ নিযুত টন বা বিশ্বজুৰি মজুত খাদ্যৰ ১৭% খাদ্য অপচয় হৈছিল৷ আমাৰ দেশৰ হিচাপত ভাৰতীয় ঘৰত প্ৰতিবছৰে প্ৰতি জনব্যক্তিয়ে ৫০ কিলোগ্ৰাম খাদ্য অপচয় কৰা হয়৷





    মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল! মুকলি কৰা হ’ল নিৰ্বাচনী শীৰ্ষক গীত





    এই অপচয় হৈছিল খাদ্য দেলিভাৰীত, ৰেষ্টুৰেণ্ট অথবা ঘৰুৱা ব্যৱহাৰৰ লগতে অন্যান্য কাৰণত৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী (ইউএনইপি)ৰ দ্বাৰা প্ৰকাশ কৰা খাদ্য আৱৰ্জনা সূচক প্ৰতিবেদন ২০২১ত এই তথ্য পোহৰলৈ অহাৰ পাছতেই সৰ্বত্ৰে প্ৰতিক্ৰিয়া লাভ কৰিছে৷





    ফ্লাইং স্কোৱাডৰ অভিযানত জব্দ কেইবালাখ ধনসহ সুৰা





    বিশ্বব্যাপী অপচয় হোৱা খাদ্য ওজন প্ৰায় ভাৰত ২০১৯-২০ বৰ্ষত উৎপাদন হোৱা সৰিয়হ, কুহিয়াৰ আৰু উদ্যানশস্যৰ সমান । প্ৰতিবেদনত দেখা গৈছে যে বিশ্বব্যাপী এই খাদ্য অপচয়ৰ বেছিভাগ খাদ্য ডেলিভাৰী আৰু ৰিটেইল আউটলেট খাদ্যই অত্যধিক বুলি জানিব পৰা গৈছে৷