Environment
নতুন দিল্লী : ভাৰত গৌৰব মীৰাবাঈলৈ ৰে’ল বিভাগৰ ২ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে৷ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে টকিঅ' অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা ভাৰত গৌৰব মীৰাবাঈ চানুক সম্বৰ্ধনা জনায় আৰু ২ কোটি টকাৰ পুৰস্কাৰ আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱেত তেওঁৰ চাকৰিত পদোন্নতি ঘোষণা কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু কৰ্ম স্পৃহাই বিশ্বজুৰি কোটি কোটি লোকক অনুপ্ৰাণিত কৰিছে। মীৰাবাঈক সম্বৰ্ধনা জ্ঞাপন কৰি টুইটাৰ যোগে তেওঁ লিখে , 'ভাৰত গৌৰব মীৰাবাঈ চানুক সাক্ষাৎ কৰি অভিনন্দন জনোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা৷ তেওঁ এনেদৰে ভাৰতৰ নাম উজ্বলাই থাকক৷ '
উল্লেখ্য যে মণিপুৰৰ বাসিন্দা চানুক বিগত ২০১৮ চনৰ এপ্ৰিল মাহত উত্তৰ-পূব সীমান্ত ৰে'লৱেত বিশেষ কৰ্তব্য (ক্ৰীড়া) বিষয়া হিচাপে পদোন্নতি দিয়া হৈছিল।
Leave A Comment