কৰিমগঞ্জ : ভাৰত-বাংলাদেশ সীমান্তত সম্ভেদ লাভ কৰা হৈছে এক গোপন সুৰংগ পথৰ৷ এক অপহৰণকাণ্ডৰ পম খেদি এই সম্ভেদ লাভ কৰে আৰক্ষীয়ে৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি ভাৰত-বাংলাদেশ, অসমৰ সীমান্ততো বিভিন্ন চোৰাং কাৰ্য তথা অনৈতিক কাৰ্যকলাপ সঘনে সংঘটিত হৈ আহিছে৷
আৰু পঢ়িব পাৰিব : নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাৰতৰ শিশু জন্মৰ ব্যতিক্ৰমী অভিলেখ
কৰিমগঞ্জৰ দলগ্ৰাম এলেকাৰ কাঁইটীয়া তাঁৰৰ তলেৰে এই সুৰংগ পথ আৰক্ষীয়ে ধৰা পেলায়৷ বাংলাদেশৰে এই সুৰংগ পথৰ সৈতে যোগাযোগ প্ৰায় ২০০ মিটাৰৰ বুলি জানিব পৰা গৈছে৷
আৰু পঢ়িব পাৰিব : কবৰ খান্দি পুত্ৰৰ মৃতদেহলৈ অপেক্ষা এগৰাকী দুৰ্ভগীয়া পিতৃৰ…
ইতিমধ্যে আৰক্ষীয়ে এই সুৰংগৰ ওপৰত অভিযান আৰম্ভ কৰিছে৷ সীমান্তৱৰ্তী এলেকাত এই সুৰংগৰেদি বিভিন্ন চোৰাং কাৰ্য সম্পাদিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে৷
Leave A Comment