Regional
ডিজিটেল ডেস্কঃ হেৰাই গৈছে মানৱতা, সীমা চেৰাইছে কৃত্ৰিমতাই! সস্তিয়া জনপ্ৰিয়তা আৰু আকৰ্ষণ আসক্তিয়ে গ্ৰাস কৰিছে মানৱসমাজ। বিশেষকৈ ছ'চিয়েল মিডিয়াত সস্তিয়া জনপ্ৰিয়তাৰ খাতিৰত অকল্পনীয় পৰ্যায় পাইছেগৈ এচাম মানুহ। 'ভিউজ'ৰ লালসাত ভাজি খাইছে মানৱীয় প্ৰমূল্যবোধ।
শেহতীয়াকৈ এগৰাকী মাতৃয়ে কেমেৰাৰ আগত জোৰ-জুলুমকৈ পুত্ৰক কান্দিবলৈ বাধ্য কৰোৱা এক ভিডিঅ'ই চকু কপালত তুলিছে সচেতন লোকৰ। পোহনীয়া কুকুৰটোৰ দুৰাৰোগ্য ৰোগৰ কথা জনাবলৈ গৈ এনে নাভুত-নাশ্ৰুত কাণ্ড সংঘটিত কৰে মহিলাগৰাকীয়ে। আমেৰিকান ইউটিউবাৰ জৰ্ডান শ্বায়ান নামৰ মহিলাগৰাকীয়ে এটা অসম্পাদিত ভিডিঅ' নিজৰ একাউণ্টত আপলোড কৰাৰ পাছতে সাংঘাতিক সমালোচনাৰ সন্মুখীন হয়। ভিডিঅ'টোত ব্লগাৰ মাতৃগৰাকীয়ে ৮বছৰীয়া পুত্ৰক তেওঁৰ কান্ধত মূৰ থৈ কান্দি দেখুৱাবলৈ বাধ্য কৰোৱা দেখা গৈছে। কনমানি ল'ৰাটোৱে ভিডিঅ'টোত 'মই কান্দি আছো মা, সঁচাকে কান্দি আছো' বুলি কোৱা কথাটোও মানুহে কমেণ্টত লিখি ক্ষোভ প্ৰকাশ কৰিছে।
উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে তেওঁৰ চেনেল টোৱেই আতৰাই দিবলৈ বাধ্য হয়। কিন্তু সস্তিয়া জনপ্ৰিয়তা আৰু দৰ্শকক আকৰ্ষিত কৰিবলৈ মানুহে আৰু কিমান তললৈ যাব বুলিও সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে।
Leave A Comment