• ভুৱা খবৰ প্ৰচাৰ! বিপদত প্ৰখ্যাত সাংবাদিক ৰাজদ্বীপ সৰদেশাই

    ৰাষ্ট্ৰীয়
    ভুৱা খবৰ প্ৰচাৰ! বিপদত প্ৰখ্যাত সাংবাদিক ৰাজদ্বীপ সৰদেশাই

    নতুন দিল্লী : দেশৰ এগৰাকী প্ৰখ্যাত সাংবাদিক, ‘ইণ্ডিয়া টুডে’ৰ কনছাল্টিং এডিটৰ ৰাজদীপ সৰদেশাই বিপদৰ সন্মুখীন হৈছে। টুইটাৰত ভুল তথ্য প্ৰকাশ কৰি বিপদত পৰিছে সৰদেশাই। দিল্লীত গণৰাজ্য দিৱসৰ দিনা হোৱা প্ৰতিবাদৰ সময়ত এগৰাকী কৃষক আৰক্ষীৰ গুলীত নিহত হোৱা বুলি উল্লেখ কৰি টুইট কৰিছিল সৰদেশায়ে। কিন্তু প্ৰকৃততে কৃষকগৰাকী ট্ৰেক্টৰ বাগৰি মৃত্যুমুখত পৰা বুলিহে প্ৰমাণিত হয়।





    আৰু পঢ়িব পাৰিব : কেটৰীনাৰ বাহুবন্ধনত বিকি কৌশল! ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা





    সত্যতা নথকা খবৰ প্ৰচাৰ কৰাৰ পাছত সৰদেশাই বিৰুদ্ধে ‘ইণ্ডিয়া টু়ডে’ গ্ৰুপে ব্যৱস্থা গ্ৰহণ কৰিছে। সৰদেশাইক দুসপ্তাহৰ বাবে টিভিত অনুষ্ঠান কৰাত বাধা দিয়া হৈছে আৰু তেওঁৰ এমাহৰ দৰমহা কৰ্তন কৰা হৈছে। সাংবাদিকগৰাকীয়ে পিছত বাতৰি শুদ্ধ ৰূপত প্ৰকাশ কৰাৰ চেষ্টা কৰিছিল যদিও তেওঁ শাস্তিমূলক ব্যৱস্থাৰ পৰা হাত সাৰিব নোৱাৰিলে।





    কেৱল এয়াই নহয়, সৰদেশাইকে ধৰি কেইবাগৰাকীও সাংবাদিকৰ বিৰুদ্ধে ৰুজু হৈছে দেশদ্ৰোহৰ গোচৰ। উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত ছগৰাকী সাংবাদিকৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ ৰুজু কৰা হৈছে। যাৰ ভিতৰত আছে দেশদ্ৰোহ, অপৰাধিক ষড়যন্ত্ৰ আৰু বিদ্বেষ বিয়পোৱাৰ অভিযোগ।





    আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কৃষকৰ সমৰ্থনত আন্দোলন ঘোষণা আন্না হাজাৰেৰ





    ৰাজদ্বীপ সৰদেশাই, বিনোদ জোছে, জাফৰ আঘা, পৰেশ নাথ আৰু অনন্ত নাথৰ বিৰুদ্ধে দুয়োখন ৰাজ্যত এই গোচৰ ৰুজু কৰা হৈছে। দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ সময়ত ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অপৰাধতে ৰুজু হৈছে এই গোচৰ। ইফালে, এডিটৰ্ছ গীল্ড অব ইণ্ডিয়াই আৰক্ষীৰ এই ভূমিকাক সমালোচনা কৰি সাংবাদিকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা কাৰ্যক গৰিহনা দিছে।