• ভূমিকম্প : মুখ্যমন্ত্ৰীলৈ ফোন উদ্বিগ্ন প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ

    ৰাষ্ট্ৰীয়
    ভূমিকম্প : মুখ্যমন্ত্ৰীলৈ ফোন উদ্বিগ্ন প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ

    নতুন দিল্লী : ৰাজ্যত আজি পুৱা অহা তীব্ৰ প্ৰাবল্যৰ ভূমিকম্পক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন কিৰ নৰেন্দ্ৰ মোদীয়ে বুজ ল’লে অসমৰ ক্ষয়ক্ষতিৰ বিষয়ে৷





    আৰু পঢ়িব পাৰিব : তিনিটাকৈ ভূমিকম্পই কঁপালে ৰাজ্য ! আহত কেইবাজনো





    ৬.৪ প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে প্ৰয়োজনীয় সাহায্যৰ বাবে কেন্দ্ৰ প্ৰস্তুত বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীয়ে৷ ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ফোনযোগে অসমৰ ভূমিকম্পৰ ক্ষয়ক্ষতিৰ বুজ লয়৷





    আৰু পঢ়িব পাৰিব : ৰাজস্থান ৰয়েলছৰ ১কোটিত নিলাম হোৱা খেলুৱৈয়ে নেখেলিলে এখনো খেল !





    মুখ্যমন্ত্ৰী সোণোৱালক অসমৰ সৈতে সমগ্ৰ দেশ আছে বুলি আশ্বাস প্ৰদান কৰে অমিত শ্বাহে৷ তিনিটাকৈ ভূমিকম্পই ৰাজ্যৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন কৰে৷