Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
ৱাশ্বিংটন : কাবুল বিমানবন্দৰৰ পৰিস্থিতি উদ্বেগজনক। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকাই গ্ৰাস কৰিছে কাবুল বিমানবন্দৰকো। তালিবান অধ্যুষিত আফগানিস্তানৰ পৰা বিভিন্ন দেশে নিজ নিজ নাগৰিকক আঁতৰাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে এইবাৰ বিভিন্ন পশ্চিমীয়া দেশে সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা ব্যক্ত কৰিছে। এই দেশসমূহে নিজ নিজ দেশৰ নাগৰিকক কাবুল বিমানবন্দৰৰ আশ-পাশৰ ভিৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। আফগানিস্তানৰ হাজাৰ হাজাৰ লোকে বিভিন্ন দেশৰ উদ্ধাৰকাৰী বিমানৰ জৰিয়তে তালিবান অধ্যুষিত দেশখন এৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
তালিবানে দেশখনৰ শাসন দখল কৰাৰ দিনাৰে পৰা এতিয়া ৯০সহস্ৰাধিক আফগান নাগৰিকে দেশ এৰিছে। আমেৰিকাৰ নেতৃত্বৰ বিভিন্ন উদ্ধাৰকাৰী বিমানৰ জৰিয়তে এইসকল লোকে দেশ এৰিছে। ইফালে, আমেৰিকাৰ নেতৃত্বত চলি থকা এই উদ্ধাৰকাৰ্যৰ সময়সীয়া ৩১ আগষ্টত শেষ হ’ব। এনে পৰিপ্ৰেক্ষিতত এতিয়ালৈ আফগানিস্তান এৰিবলৈ সক্ষম নোহোৱা বিদেশী লোকৰ ভিৰ বৃদ্ধি পাইছে বিমানবন্দৰৰৰ আশে-পাশে। ইয়াৰ মাজতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকা গাঢ় হোৱাৰ কথা প্ৰকাশ কৰিছে বিভিন্ন দেশে।
অষ্ট্ৰেলিয়াই সেই দেশৰ নাগৰিকসকলক হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে। আৰু যদি কোনো নাগৰিক সেই স্থানৰ আশে-পাশে আছে তেওঁলোককো নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনাইছে। পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত তেওঁলোকক নিৰাপদ স্থানতে থকাৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে, লণ্ডনেও অনুৰূপ নিৰ্দেশনা জাৰি কৰিছে। কাবুল বিমানবন্দৰৰ জৰিয়তে বিভিন্ন লোকে দেশ এৰাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে বিমানবন্দৰটোত তালিবানে আক্ৰমণ সংঘটিত কৰাৰ আশংকা গাঢ় হৈ পৰিছে।
Leave A Comment