Regional
নতুন দিল্লী : মধ্যপ্ৰাচ্যত বিপদৰ আদি-অন্ত নাই। এইবাৰ নতুন বিপদৰ আশংকা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। এইবাৰ মধ্যপ্ৰাচ্যৰ দেশবোৰত ক’ভিডৰ ডেল্টা প্ৰকাৰে চতুৰ্থ লহৰ সৃষ্টি কৰাৰ আশংকা ব্যক্ত কৰা হৈছে। মধ্যপ্ৰাচ্যৰ দেশবোৰত ভাৰতত প্ৰথমে চিহ্নিত হোৱা কোভিডৰ ডেল্টা সংস্কৰণে অধিক সংক্ৰামক ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।
অতি সংক্ৰামক হিচাপে পৰিচিত ক’ভিডৰ এই ডেল্টা প্ৰকাৰৰ প্ৰভাৱত মধ্যপ্ৰাচ্যৰ অতি কম পৰিমাণে টিকাকৰণ হোৱা দেশবোৰত নতুন বিপদ কঢ়িয়াই অনাৰ আশংকা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। মৰক্কোৰ পৰা পাকিস্তানলৈকে বিস্তৃত মধ্যপ্ৰাচ্যৰ ২২খন দেশৰ ভিততৰ ১৫খনতে এই প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণ তীব্ৰ হৈ উঠাৰ আশংকা কৰিছে সংস্থাই। ‘হুৰ তালিকাত থকা মধ্য প্ৰাচ্যৰ দেশবোৰত ডেল্টা সংস্কৰণৰ সংক্ৰমণ আৰু ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে।
সৰহসংখ্যক নতুনকৈ সংক্ৰমিত আৰু চিকিৎসাধীন লোকেই হৈছে প্ৰতিষেধক গ্ৰহণ নকৰা লোক। এই অঞ্চলত এতিয়া আমি ক’ভিডৰ চতুৰ্থ ঢৌৰ দিশে অগ্ৰসৰ হৈছোঁ।’ ‘হু’ৰ মধ্যপ্ৰাচ্য অঞ্চলৰ সঞ্চালক আহমেদ আল মানধাৰীয়ে এইকথা প্ৰকাশ কৰিছে। উল্লেখ্য যে, এই অঞ্চলত শেহতীয়াকৈ সংক্ৰমণ ৫৫শতাংশ আৰু মৃত্যু ১৫শতাংশ বৃদ্ধি পাইছে।
Leave A Comment