Regional
The banned militant group (ULFA-I) has threatened more assaults in the state, warning Assam DGP GP Singh to drop...
নতুন দিল্লী : মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আসন্ন! নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পাছত
তেওঁৰ ধৰণে সজাই-পৰাই ল’ব মন্ত্ৰীসভাও। এই লক্ষ্যৰে শুকুৰবাৰে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইয়ে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।
মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পাছত প্ৰথমবাৰলৈ দিল্লীত উপস্থিত হৈছে বোম্মাই। বিয়লি ৪বজাত তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। নৱ অভিষিক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতাকো সাক্ষাৎ কৰাৰ কথা।
প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাকো সাক্ষাৎ কৰিব বোম্মাইয়ে। কৰ্ণাটক চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সম্পৰ্কীয় বিষয় বৈঠকত আলোচনা হয়।
Leave A Comment