• মমতা খুছ হুৱা: “দুৱাৰে চৰকাৰ” কেম্পত ৩ কোটি মানুহ

    ৰাষ্ট্ৰীয়
    মমতা খুছ হুৱা: “দুৱাৰে চৰকাৰ” কেম্পত ৩ কোটি মানুহ

    ডিজিটেল ডেস্ক: "দুৱাৰে চৰকাৰ" (পদূলিমুখত চৰকাৰ) পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰৰ এক অভিনৱ পদক্ষেপ। বিভিন্ন আঁচনিসমূহক মানুহৰ ঘৰে ঘৰে লৈ যোৱাৰ হকে পশ্চিমবংগ চৰকাৰে আৰম্ভ কৰে গাঁও পঞ্চায়ত আৰু ৱাৰ্ড পৰ্যায়ত পৰ্যায়ত “দুৱাৰে চৰকাৰ”। চৰকাৰক আৰু নিশ্চিতভাৱে দলক জনতাৰ ওচৰলৈ আঁচনিৰ মাধ্যমত লৈ যোৱাৰ এই পৰিকল্পনা মমতা বেনাৰ্জীৰ ৰাজনৈতিক কাৰ্যকুশলতাৰে নিদৰ্শন।এতিয়া এই “দুৱাৰে চৰকাৰে”ই আনিছে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ বাবে এক সুখৰ বাৰ্তা।





    শুকুৰবাৰে মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি “দুৱাৰে চৰকাৰ”ৰ কেম্প সমূহলৈ ইতিমধ্যেই আহিছে তিনি কোটিতকৈ অধিক লোক।এই সকলোবোৰ লোকেই চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হোৱা বুলি দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
    উল্লেখ্য যে দুৱাৰে চৰকাৰৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰা হৈছিল আগষ্ট মাহৰ ১৬ তাৰিখে। এই কাৰ্যসূচী ১৫ ছেপ্টেম্বৰলকৈ চলি থাকিব।“লক্ষ্মী ভাণ্ডাৰ” আৰু “স্বাস্থ্য সাথী” নামৰ দুখন আঁচনিৰ প্ৰতি মানুহে সৰ্বাধিক আগ্ৰহ দেখুওৱা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।তেওঁ পশ্চিমবংগৰ সাধাৰণ জনতাক এই অভূতপূৰ্ব সঁহাৰিৰ বাবে বিশেষ কৃতজ্ঞতাও জ্ঞাপন কৰে।