• মমতা বেনাৰ্জীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ, উত্তাল বংগৰ ৰাজনীতি

    ৰাষ্ট্ৰীয়
    মমতা বেনাৰ্জীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ, উত্তাল বংগৰ ৰাজনীতি

    কলকাতা : দুৰ্বৃত্তৰ আক্ৰমণত আহত হোৱা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চিকিৎসাধীন এখন আলোকচিত্ৰ প্ৰকাশ কৰিছে তেওঁৰ ভাগিন অভিষেক বেনাৰ্জীয়ে। বুধবাৰে নন্দীগ্ৰামত দুৰ্বৃত্তই তেওঁৰ ওপৰত আক্ৰমণ চলোৱা বুলি অভিযোগ কৰিছিল তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে। চাৰি-পাঁচজন লোকে তেওঁক গাড়ীৰ ফালে থেলি দিয়াৰ লগতে জোৰকৈ দুৱাৰ বন্ধ কৰাৰ চেষ্টা কৰিছিল। ফলত ভৰিকে ধৰি শৰীৰৰ ভালেমান ঠাইত আঘাত পায় মুখ্যমন্ত্ৰীগৰাকীয়ে।





    আৰু পঢ়িব পাৰিব : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু কংগ্ৰেছ, প্ৰাৰ্থী তালিকা প্ৰকাশ





    অভিষেক বেনাৰ্জীয়ে টুইটযোগে প্ৰকাশ কৰা আলোকচিত্ৰখনত মমতা বেনাৰ্জীৰ ভৰিত বেণ্ডেজ বান্ধি থোৱা অৱস্থাত দেখা গৈছে। উল্লেখ্য যে, নন্দীগ্ৰামৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ’ব মুখ্যমন্ত্ৰীগৰাকী। অভিষেক বেনাৰ্জীয়ে মমতাৰ চিকিৎসাধীন অৱস্থাৰ আলোকচিত্ৰ প্ৰকাশ কৰি বিজেপিক সমালোচনা কৰে। ইফালে, এই ঘটনাৰ পাছতে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই আজি ৰাজ্যৰ নিৰ্বাচন আয়োগৰ বিষয়াবৰ্গৰ সৈতে আলোচনাত মিলিত হ’ব।





    আৰু পঢ়িব পাৰিব : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দিব কেইবাজনো গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে !





    ইতিমধ্যে ঘটনা সম্পৰ্কত নিৰ্বাচন আয়োগে ৰাজ্যৰ নিৰ্বাচনী বিষয়াৰ পৰা বিস্তৃত প্ৰতিবেদন বিচাৰিছে। কাইলৈ বিয়লি ৫বজাৰ ভিতৰত এই প্ৰতিবেদন বিচাৰিছে নিৰ্বাচন আয়োগে। মমতা বেনাৰ্জীৰ ওপৰত আক্ৰমণৰ ঘটনাই পশ্চিমবংগৰ ৰাজনীতিত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। বিজেপিয়ে মমতা বেনাৰ্জীয়ে মিছা মতা বুলি অভিযোগ কৰিছে আৰু কোনেও তেওঁৰ ওপৰত আক্ৰমণ কৰা নাই বুলি দাবী কৰিছে।