Politics
India has entered 2025 yet the political environment remains
unstable, competitive and witnessing battles on ideologies…
Digital Desk: As the
মুম্বাই : মহাৰাষ্ট্ৰৰ ৰত্নগিৰি জিলাৰ খেৰ তালুকাৰ কেমিকেল ফেক্টৰীত বিস্ফোৰণ। আজি পুৱাৰ ভাগত ফেক্টৰীটোত সংঘটিত দুটাকৈ বিস্ফোৰণত চাৰিজন কৰ্মীৰ মৃত্যু হৈছে আৰু এজন আহত হৈছে। এই বিস্ফোৰণৰ পাছতে ফেক্টৰীটোত আবদ্ধ হৈ পৰা ৪০জন কৰ্মীক উদ্ধাৰ কৰা হয়।
আৰু পঢ়িব পাৰিব : বিদেশীনীৰে বিয়া? চৰকাৰে নিৰ্ধাৰণ কৰিলে কঠোৰ নিয়ম
‘কেমিকেল ফেক্টৰীটোৰ এটা ইউনিটৰ ভিতৰত আজি পুৱা ন বজাৰ আশে-পাশে দুটাকৈ বিস্ফোৰণ সংঘটিত হৈছিল। ইয়াৰ ফলত আহত হোৱা কৰ্মীসকলক চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তাতে চাৰিজনৰ মৃত্যু হয়। এজন গুৰুতৰভাৱে আহত শ্ৰমিকৰ চিকিৎসা চলি আছে।’ ৰত্নগিৰিৰ এগৰাকী আৰক্ষী বিষয়াই এইকথা প্ৰকাশ কৰিছে।
আৰু পঢ়িব পাৰিব : কৰ’না সংক্ৰমণ তীব্ৰতৰ : দেশত নতুন স্বাস্থ্য সংকট!
বিস্ফোৰণৰ ফলত ফেক্টৰীটোত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় যদিও অগ্নি নিয়ন্ত্ৰণ কৰা হয়। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে, ফেক্টৰীটোৰ এটা বয়লাৰ অধিক উষ্ণতাৰ বাবে বিস্ফোৰিত হৈছিল। ঘটনা সবিশেষৰ অনুসন্ধান কৰা হ’ব বুলি ফেক্টৰীটোৰ বিষয়াই প্ৰকাশ কৰিছে।
Leave A Comment