National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
মুম্বাই : মহাৰাষ্ট্ৰৰ হাস্পতালত পুনৰ অঘটন। থানেৰ সমীপৰ এখন হাস্পতালত হোৱা অগ্নিকাণ্ডৰ ফলত চাৰিজন চিকিৎসাধীন ৰোগীৰ মৃত্যু ঘটিছে। ৰাজ্যখনৰ ৰাজধানী মহানগৰ মুম্বাইৰপৰা ২৮কিলোমিটাৰ আঁতৰত এই ঘটনা সংঘটিত হৈছে। এই ঘটনাত আন ভালেমান লোক আহত হৈছে।
আৰু পঢ়িব পাৰিব : ভূমিকম্প : মুখ্যমন্ত্ৰীলৈ ফোন উদ্বিগ্ন প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ
আজি নিচেই পুৱা ৩.৪০বজাত কউছাত থকা ‘প্ৰাইম ক্ৰিটিকেয়াৰ হাস্পতাল’ত এই অগ্নিকাণ্ড সংঘটিত হয়। এই জুই এতিয়া নিৰ্বাপিত হৈছে যদিও হাস্পতালখনত ব্যাপক ক্ষয়-ক্ষতি হয় আৰু চাৰিজনকৈ ৰোগীয়ে প্ৰাণ হেৰুৱায়। হাস্পতালখনৰ পৰা ২০জন ৰোগীক উদ্ধাৰ কৰা হৈছে।
আৰু পঢ়িব পাৰিব : তিনিটাকৈ ভূমিকম্পই কঁপালে ৰাজ্য ! আহত কেইবাজনো
ইয়াৰ ছজন আইচিইউত চিকিৎসাধীন হৈ আছিল। জুয়ে হাস্পতালখনৰ প্ৰথম মহলাটো নষ্ট কৰা বুলি হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। জুই লগাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। হাস্পতালখনত অৱশ্যে কোনো ক’ভিড ৰোগী ভৰ্তি হৈ থকা নাছিল।
Leave A Comment