• মাতৃৰ অসুখ: ইংলেণ্ড ভ্ৰমণ আধাতে সামৰি মুম্বাইত অক্ষয় কুমাৰ

    Deleted
    মাতৃৰ অসুখ: ইংলেণ্ড ভ্ৰমণ আধাতে সামৰি মুম্বাইত অক্ষয় কুমাৰ





    ডিজিটেল ডেস্কঃ নিজ পৰিয়ালৰ প্ৰতি থকা অপাৰ আনুগত্যতাই বলিউডৰ মহাতাৰকা অক্ষয় কুমাৰক সদায়ে অন্য তাৰকাসকলৰ পৰা পৃথক কৰি ৰাখিছে। অক্ষয় কুমাৰৰ নিজ মাতৃ অৰুণা ভাটিয়াৰ প্ৰতি থকা ভালপোৱাৰ কথাও সৰ্বজনবিদিত।সময়ে সময়ে নিজ মাতৃৰ বাবে কৰি অহা কামেৰে অক্ষয়ে বিশেষ প্ৰচাৰো লাভ কৰিছে।





    এইবাৰো ব্যতিক্ৰম নহ’ল অক্ষয়ৰ আচৰণ। মাতৃ ভাটিয়াৰ অসুখৰ সংবাদ পায়েই দৌৰাদৌৰিকৈ ইংলেণ্ড ভ্ৰমণ আধাতে সামৰি মুম্বাইত উপস্থিত হয় তেওঁ। উল্লেখ্য যে যোৱা কেইটামান দিন ধৰি অক্ষয়ৰ মাতৃ অৰুণা ভাটিয়া শাৰীৰিকভাৱে অসুস্থ হৈ আছে।কিন্তু শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ হঠাতে অধিক অৱনতি ঘটে আৰু ভৰ্তি কৰোৱা হয় মুম্বাইৰ হীৰানন্দনী হাস্পতালৰ আই চি ইউত।






    আৰু এই খবৰ লাভ কৰাৰ লগে লগেই নিজৰ দৰকাৰী ইংলেণ্ড ভ্ৰমণ আধাতে সামৰি অক্ষয় উপস্থিত হয়হি মুম্বাইত। আজি পুৱাৰ ভাগতে তেওঁৰ বিমান অৱতৰণ কৰে মুম্বাইৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত। ইয়াৰ পিছতেই অভিনেতা পুত্ৰই পোনে পোনে যাত্ৰা কৰে হাস্পতালত চিকিৎসাধীন অসুস্থ মাতৃৰ কাষলৈ। ইফালে সামাজিক মাধ্যমতো অক্ষয় কুমাৰৰ লক্ষ লক্ষ অনুৰাগীয়ে তেওঁৰ মাতৃৰ আশু-আৰোগ্য কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে