Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
পুনে : ক'ভিড-১৯ মহামাৰীৰ বাবে ব্যৱসায়ত বৃহৎ ক্ষতিৰ সন্মুখীন হোৱাৰ পাছত, পুনেৰ এজন নাপিতে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ ব্যতিক্ৰমী কৌশল গ্ৰহণ কৰিছে৷ ইতিমধ্যে ছ'চিয়েল মিডিয়া তথা সংবাদ মাধ্যমতো এই কৌশলেৰে বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে নাপিতজনে৷ পুনেৰ এখন চেলুনৰ মালিক অবিনাশ বৰুণ্ডিয়াই মানুহক আকৰ্ষিত কৰিবলৈ ব্যৱহাৰ কৰিছে ৪ লাখ টকা দামৰ সোণৰ ৰেজৰ।
আৰু পঢ়িব পাৰিব : দ্বিপাক্ষিক সম্পৰ্ক : ঢাকাত বিদেশমন্ত্ৰী এছ জয়শংকৰ
ৰেজৰখন ৮০গ্ৰাম সোণৰে তৈয়াৰ কৰা হৈছে। তেওঁৰ বিশ্বাস যে, সোণৰ ৰেজৰেৰে ক্ষৌৰকৰ্ম কৰোঁৱা মানুহে নতুন অভিজ্ঞতা লাভ কৰিব। আৰু এই বিশেষ সোণৰ ৰেজৰৰ জৰিয়তে ক্ষৌৰকৰ্ম কৰাবলৈ এজন লোকে কেৱল ১০০ টকা ব্যয় কৰিব লাগিব।
আৰু পঢ়িব পাৰিব : ১০৭ একৰলৈ বৃদ্ধি পাব ৰাম মন্দিৰৰ পৰিসৰ
পুনেত বৰুণ্ডিয়াৰ চেলুনখন শেহতীয়াকৈ বিজেপি বিধায়ক গোপীচান্দ পডৱালকাৰে উদ্বোধন কৰিছিল। চেলুনৰ মালিকে বিশ্বাস কৰে যে সোণৰ ৰেজাৰৰ খবৰে তেওঁৰ চেলুনখনলৈ গ্ৰাহকসকলক আকৰ্ষিত কৰিব আৰু লকডাউনৰ সময়ত লোকচানৰ সন্মুখীন হোৱা তেওঁৰ ব্যৱসায় পুনৰুজ্জীৱিত হ’ব।
Leave A Comment