• মাত্ৰ ২০ টকাৰ বাবেই পদপথৰ ব্যৱসায়ীক মৰিয়াই হত্যা

    ৰাষ্ট্ৰীয়
    মাত্ৰ ২০ টকাৰ বাবেই পদপথৰ ব্যৱসায়ীক মৰিয়াই হত্যা

    মুম্বাই : মাত্ৰ ২০ টকাৰ বাবে এজন পদপথৰ ব্যৱসায়ীক হত্যা কৰিলে তিনিজন লোকে। মহাৰাষ্ট্ৰৰ থানে জিলাৰ মীৰা ৰোডত এই ঘটনা সংঘটিত হৈছে। পদপথত ইডলী বিক্ৰী কৰা এজন ২৬ বছৰীয়া বিক্ৰেতাক মাত্ৰ ২০ৰ বাবে হোৱা কাজিয়াৰ বাবে তিনিজন অচিনাক্ত গ্ৰাহকে হত্যা কৰা বুলি আজি আৰক্ষীয়ে প্ৰকাশ কৰিছে।





    আৰু পঢ়িব পাৰিব : পঞ্চায়তৰ সভাপতি-সচিবৰ দায়িত্বহীনতাত অতিষ্ঠ ৰাইজ





    ভুক্তভোগী লোকজন বীৰেন্দ্ৰ যাদৱ বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ প্ৰতিদিনে সেই স্থানত ইডলী বিক্ৰী কৰিছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। শুকুৰবাৰে তিনিজন লোক বিক্ৰেতাজনৰ কাষলৈ আহে আৰু তেওঁৰ ২০টকা পাবলৈ থকা বুলি দাবী কৰি বাক-বিতণ্ডা আৰম্ভ কৰে। অলপপৰ পাছতে এই বাক-বিতণ্ডাই মাৰপিটৰ ৰূপ লয় আৰু লোক তিনিজনৰ আক্ৰমণত বীৰেন্দ্ৰ যাদৱ বাগৰি পৰে আৰু মূৰ বেয়াকৈ আঘাত পায়।





    আৰু পঢ়িব পাৰিব : ৮লাখ চাহ শ্ৰমিকক ৩হাজাৰকৈ টকা বিলাব সীতাৰমণে…





    তেওঁক ওচৰতে থকা লোকসকলে ততাতৈয়াকৈ ওচৰৰে হাস্পতাললৈ লৈ যোৱা হয় যদিও তাতে তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত নয়া নগৰ আৰক্ষী থানাত হত্যাৰ এটা গোচৰ ৰুজু কৰিছে আৰু তিনি অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।