Business
ডিজিটেল ডেস্কঃ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে 'শিশু' এলবামৰ 'ভবা কথা নহয় সিদ্ধি' শীৰ্ষক গীতটোত কৈছিল যে মানুহতকৈ কুকুৰে পায় মৰম আৰু মান। সেই কথা বাস্তব জীৱনতো প্ৰতীয়মান হৈ আহিছে। শেহতীয়াকৈ এগৰাকী মালিকে নিজৰ আলাসৰ লাড়ু পোহনীয়া কুকুৰৰ কাৰণে কৰা কামে দৃষ্টি কাঢ়িছে সকলোৰে।
বিমানত উঠি বতাহত ভ্ৰমণৰ হাবিয়াস সকলোৰে। খাতি খোৱা জনতাই ভাগ্যক ধিয়াই বিমানযাত্ৰাৰ সপোন পুতি থবলৈ বাধ্য সপোন অৰণ্যত। তাৰ মাজতে আহিছে এক ঈৰ্ষনীয় খবৰ! সৌভাগ্যবান কুকুৰে বিলাসী ভ্ৰমণ কৰিছে বিমানত। মুম্বাইৰ এগৰাকী ব্যক্তিয়ে নিজৰ পোহনীয়া কুকুৰটোৰ কাৰনে বুক কৰিলে বিমানৰ সম্পূৰ্ণ বিজনেছ ক্লাছ। এয়াৰ ইণ্ডিয়াৰ বিমানত বিলাসী ভ্ৰমণ কৰিলে কুকুৰে।
এয়াৰ ইণ্ডিয়া ভাৰতৰ একমাত্ৰ বিমান যিয়ে পোহনীয়া জন্তুক ভ্ৰমণৰ অনুমতি দিয়ে। কুকুৰটোৰ গৰাকীয়ে মুম্বাইৰ পৰা চেন্নাইলৈ দুঘণ্টাৰ বিমানযাত্ৰাটোত প্ৰায় ২.৫ লাখ টকা খৰছ কৰিছে য'ত নেকি এয়াৰ ইণ্ডিয়াৰ এটা চীটৰ ভাৰা প্ৰায় ২০,০০০ টকা।
Leave A Comment