• মাৰে হৰি ৰাখে কোনে : শুই থাকোতেই দেহত পৰিলহি ১১০০০ ভ’ল্ট পৰিবাহী তাঁৰ

    ৰাষ্ট্ৰীয়
    মাৰে হৰি ৰাখে কোনে : শুই থাকোতেই দেহত পৰিলহি ১১০০০ ভ’ল্ট পৰিবাহী তাঁৰ

    ডিজিটেল ডেস্ক: ঘৰৰ ছাঁদত শুই থকা অৱস্থাতে ঝাৰখণ্ডৰ এটি চাৰিজনীয়া পৰিয়ালৰ সদস্যসকলৰ দেহত আহি পৰিলহি ১১০০০ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ। ফলত থিতাতে নিহত হয় পৰিয়ালটোৰ এগৰাকী সদস্য। গুৰুতৰভাৱে আহত হয় অইন তিনিগৰাকী লোক।






    যোৱানিশা এই শোকাৱহ ঘটনাটো সংঘটিত হয় ধানবাদৰ পান্দপৰ্লা অঞ্চলত। শোকাৱহ ঘটনাটোত প্ৰাণ হেৰুওৱা লোকজনক চোহেল আনছাৰী বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ মাতৃ শ্বামিদা খাতুন,ভ্ৰাতৃদ্বয় শ্বাহনৱাজ আৰু শ্বাহৱাজ গুৰুতৰভাৱে আহত হয়। দেহৰ অৰ্ধেক অংশ জ্বলি যোৱা এই তিনি সদস্যক ভৰ্তি কৰোৱা হৈছে শ্বহীদ নিৰ্মল মাহটো চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত।ইতিমধ্যেই চোহেল আনছাৰীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।






    আনহাতে সমগ্ৰ ঘটনাৰ বাবে স্থানীয় লোকসকলে দায়ী কৰিছে ৰাজ্যখনৰ বিদ্যুৎ বিভাগক। তেওঁলোকে কয় যে কেইবাটাও ঘৰৰ ওপৰেৰে পাৰ হৈ যোৱা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ বিষয়ে তেওঁলোকে বাৰম্বাৰ বিদ্যুৎ বিভাগৰ ওচৰত অভিযোগ দাখিল কৰি অহা সত্বেও বিভাগটোৱে তেওঁলোকৰ কথাত কোনো গুৰুত্ব নিদিলে বাবেই সেই শোকাৱহ ঘটনা সংঘটিত হ’বলৈ পালে।ইফালে ঝাৰখণ্ড বিজুলী বিতৰণ নিগম লিমিটেডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ঘৰৰ ওপৰেৰে পাৰ হৈ যোৱা তাঁৰসমূহৰ স্থানান্তৰৰ কাম চলি আছে আৰু সকলো কাম সোনকালেই সম্পূৰ্ণ হ’ব।