• মিনি ট্ৰাকে মহতিয়াই নিয়াৰ ফলত চাৰি যুৱকৰ মৃত্যু...

    ৰাষ্ট্ৰীয়
    মিনি ট্ৰাকে মহতিয়াই নিয়াৰ ফলত চাৰি যুৱকৰ মৃত্যু...

    গান্ধীনগৰ : গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত আন এজন লোক গুৰুতৰভাৱে আহতও হয়। মটৰ চাইকেল আৰোহী পাঁচজন যুৱকক এখন মিনি ট্ৰাকে মহতিয়াই নিয়াৰ ফলত চাৰিওজন যুৱকৰ মৃত্যু হয়।





    আৰু পঢ়িব পাৰিব : ধৰ্মীয় অনুভূতিত আঘাত! কমেডিয়ান মুনাৱৰ ফাৰুকীৰ জামিন নাকচ





    গুজৰাটৰ মোৰবি চহৰত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছে। মৃত লোককেইজন শিবাজী গামেতী (১৯), সুৰেশ (১৮), তেজাৰাম গামেতী (১৭) আৰু মানালাল কালাৱা (১৯) বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।





    আৰু পঢ়িব পাৰিব : পুনৰ দেশলৈ আহিল ৰাফেল, অধিক শক্তিশালী বায়ুসেনা





    গুৰুতৰভাৱে আহত দীনেশ সম্ভু নামৰ লোকজনক হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে।