Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
মুম্বাইঃ মুম্বাইত পুনৰ সংঘটিত হৈছে ভয়ংকৰ অঘটন। প্ৰবল বৃষ্টিপাতে মু্ম্বাইৰ একাধিক এলেকাত সংহাৰৰ সৃষ্টি কৰিছে। মুম্বাইৰ চেম্বুৰ আৰু বিকৰোলী এলেকাত প্ৰবল বৃষ্টিপাতৰ ফলত কমেও ১৫জন লোকৰ মৃত্যু হৈছে। ঘৰৰ ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ পৰাৰ ফলতে এইসকল লোকৰ মৃত্যু হয়। কালি নিশাৰে পৰা হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত মুম্বাইৰ বহু অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
বহু ঘৰ ধ্বংস হৈছে বানৰ কৱলত পৰি। প্ৰশাসনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে আৰু সৰ্বসাধাৰণক সাৱধানতা অৱলনম্বন কৰিবলৈ আহ্বান জনাইছে। বিকৰোলী এলেকাৰ এটা দুমহলীয়া ভৱন আজি পুৱাৰ ভাগত ভাঙি পৰে। ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ তথ্য বিএমমচি-এ প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত আন কেইবাটাও অঞ্চলত উদ্ধাৰ অভিযান চলাই থকা হৈছে। মৃতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক ব্যক্ত কৰে। মৃত লোকসকলৰ পৰিয়াললৈ ২লাখকৈ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। আহতসকলৰ চিকিতসাৰ বাবে ৫০হাজাৰকৈ টকা আগবঢ়োৱাৰ কথা টুইটযোগে তেওঁ ঘোষণা কৰে।
Leave A Comment