• মুম্বাইত সমবেত প্ৰতিবাদী কৃষকৰ দল, বৃহত্ প্ৰতিবাদী সমদলৰ পৰিকল্পনা


    মুম্বাই: দিল্লীৰ পাছত এইবাৰ মুম্বাইত সমবেত হৈছে হেজাৰ হেজাৰ কৃষক। বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত সোমবাৰে মুম্বাইত উলিওৱা হ’ব বৃহত্ প্ৰতিবাদী সমদল। এই ৰেলীত অংশগ্ৰহণ কৰিব মহাৰাষ্ট্রৰ কৃষকসকলে।





    আৰু পঢ়িব পাৰিব : অসমৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ বিকশিত অঞ্চল হ’ব BTR: অমিত শ্বাহ





    সেই উদ্দেশ্যে শনিবাৰেই নাচিকত সমবেত হৈছিল মহাৰাষ্ট্রৰ ২১ খন জিলাৰ ১৫ হাজাৰ কৃষক। ১৮০ কিলোমিটাৰ পথ অতিক্ৰম কৰি আজি সন্ধিয়া মুম্বাইত উপস্থিত হয় প্ৰতিবাদী কৃষকসকল। সৰ্বভাৰতীয় কিষাণ সভাৰ উদ্যোগত মুম্বাইমুখী হৈছে হাজৰা হাজাৰ কৃষক। মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত হ’ব কৃষকৰ এই সমাবেশ।





    আৰু পঢ়িব পাৰিব : জেৰেঙাৰ আৰ্তনাদ শুনিবলৈ চেষ্টা নকৰিলে মোদীয়ে: প্ৰদ্যুৎ বৰদলৈ





    সমাবেশত অংশগ্ৰহণ কৰিব NCPৰ মুৰব্বী শাৰদ পাৱাৰেও। সমাবেশলৈ ইতিমধ্যে সমৰ্থন আগবঢ়াইছে ৰাজ্যিক কংগ্ৰেছে। ইপিনে দিল্লীত প্ৰস্তুতি চলিছে প্ৰতিবাদী কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ। গণৰাজ্য দিৱসৰ দিনা দিল্লীৰ ৰিংৰোডত শ শ ট্ৰেক্টৰেৰে সমদল উলিয়াব প্ৰতিবাদী কৃষকসকলে।