• মোডী-যোগীৰ বৰঘৰত আজি প্ৰতিবাদী কৃষকৰ মহাপঞ্চায়ত

    ৰাষ্ট্ৰীয়
    মোডী-যোগীৰ বৰঘৰত আজি প্ৰতিবাদী কৃষকৰ মহাপঞ্চায়ত

    ডিজিটেল ডেস্ক : দেশৰ কৃষি আইনবিৰোধী কৃষক বিদ্ৰোহে পুনৰ তীব্ৰতা লাভ কৰা দেখা গৈছে। দীঘলীয়া সময় ধৰি চলি থকা এই কৃষক বিদ্ৰোহৰ প্ৰতি চৰকাৰে কাংক্ষিত সঁহাৰি দিয়া নাই যদিও নিজৰ দাবীত অটল হৈ আছে প্ৰতিবাদী কৃষকসকল। কৃষক বিদ্ৰোহক তীব্ৰতা দিয়াৰ বাবে পুনৰ আয়োজন কৰা হৈছে মহাপঞ্চায়ত।





    দেওবাৰে মুজাফৰনগৰত অনুষ্ঠিত হ'ব কৃষকৰ মহাপঞ্চায়ত। ১৫ ৰাজ্যৰ হেজাৰ হেজাৰ কৃষক ইতিমধ্যেই ৰাওনা হৈছে নিৰ্ধাৰিত স্থানলৈ। সংযুক্ত কিষাণ মৰ্চাই এই মহাপঞ্চায়তৰ জৰিয়তে কৃষকসকলৰ মাজৰ একতাৰ বাৰ্তাই প্ৰেৰণ কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰলৈ।






    আজিৰ মহাপঞ্চায়তে চৰকাৰক কৃষকৰ একতা আৰু ঐক্যবদ্ধ আন্দোলনৰ শক্তি বুজাই দিব বুলি আশা প্ৰকাশ কৰিছে কৃষক নেতাসকলে।ইতিমধ্যেই উপস্থিত কৃষকক খাদ্য যোগানৰ বাবে সাজু কৰা হৈছে ৫ শতাধিক লংগৰ।১০০ টাকৈ স্বাস্থ্যসেৱা কেন্দ্ৰও স্থাপন কৰা হৈছে মুজাফৰনগৰত। ইফালে, পঞ্জাৱৰ ৩২টাকৈ কৃষক সংগঠনে চৰকাৰক প্ৰতিবাদকাৰীৰ ওপৰত জাপি দিয়া গোচৰ উঠাই ল'বলৈ ৮ ছেপ্টেম্বৰৰ সময়সীমা বান্ধি দিছে। যি নহওক, যুদ্ধংদেহী কৃষকৰ এই মহামঞ্চই মোডী- যোগী চৰকাৰক কৃষক বিৰোধী আইন প্ৰৱৰ্তনৰ পৰা বাৰণ কৰিব পাৰেনে নাই সেয়া সময়তহে গম পোৱা যাব।