Lifestyle
নতুন দিল্লী : নতুন দিল্লীৰ এইমছ হাস্পতালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'ভিড প্ৰতিষেধক কোভাক্সিনৰ দ্বিতীয়টো ড'জ গ্ৰহণ কৰিলে৷ ৩৭ দিন পূৰ্বে মোদীয়ে লৈছিল প্ৰতিষেধকৰ প্ৰথমটো ড'জ৷
আৰু পঢ়িব পাৰিব : মই মোৰ দেউতাক বহুত ভাল পাওঁ!প্লিজ মাওবাদী আংক’ল মোৰ দেউতাক ঘৰলৈ সুকলমে পঠাই দিয়ক
তেওঁ ভাৰত বায়'টেক এণ্ড ইণ্ডিয়ান মেডিকেল ৰিছাৰ্চৰ দ্বাৰা নিৰ্মিত কোভাক্সিন প্ৰতিষেধক গ্ৰহণ কৰে৷ দ্বিতীয়পালি গ্ৰহণৰ ফটো টুইটযোগে প্ৰকাশ কৰি তেওঁ লিখিছে, ‘ভাইৰাছক পৰাজিত কৰাৰ বাবে ভেকচিনেচন হৈছে আমাৰ হাতত থকা কমসংখ্যক উপায়ৰ ভিতৰত এটা। প্ৰতিষেধকৰ আঁওতাত পৰা সকলোৱে এই প্ৰতিষেধক গ্ৰহণ কৰক।’
আৰু পঢ়িব পাৰিব : ব্যক্তিগত বাহনত অকলে থাকিলেও মাস্ক পিন্ধাটো বাধ্যতামূলক!
বৰ্তমানলৈকে ভাৰতত ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যা হৈছেগৈ ৯,০১,৯৮,৬৭৩জন৷ দেশত পুনৰ ভয়াৱহ ৰূপ লোৱা কৰ’না পৰিস্থিতিৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীসকলৰে প্ৰধানমন্ত্ৰীয়ে ৬.৩০ বজাৰ পৰা ভাৰ্চুৱেলী বৈঠকত মিলিত হ'ব৷
Leave A Comment