National
নতুন দিল্লী : প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দুৰ্যোধন আৰু দুঃশাসন আখ্যা দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। নিৰ্বাচনী ৰাজনীতিয়ে উত্তাল কৰি ৰখা ৰাজ্যখনত শাসকীয় তৃণমূল কংগ্ৰেছ দলক সন্মুখৰ পৰা নেতৃত্ব দি থকা মমতা বেনাৰ্জীয়ে এখন নিৰ্বাচনী সভাত মোদী-শ্বাহক তীব্ৰ সমালোচনা কৰে।
আৰু পঢ়িব পাৰিব :ক’ভিডৰ ভয়াৱহতাৰ বাবে ৰাজহুৱা সমাৱেশৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি
তৃণমূলৰ পৰা গৈ বিজেপিত যোগ দিয়া আৰু নন্দীগ্ৰামত মমতাৰ প্ৰতিদ্বন্দ্বীৰ ৰূপত অৱতীৰ্ণ হোৱা শুভেন্দু অধিকাৰীক ‘মীৰ জাফৰ’ বুলি সম্বোধন কৰি মমতাই কয়, ‘বিজেপিক বিদায় দিয়ক, আমি বিজেপিক নিবিচাৰোঁ। আমি মোদীৰ মুখ চাব নিবিচাৰোঁ। আমি সাম্প্ৰদায়িক সংঘৰ্ষ নিবিচাৰোঁ, লুণ্ঠনকাৰী, দুৰ্যোধন, দুশাসনক নিবিচাৰোঁ…মীৰ জাফৰ।’ পূব মৈদানপুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মমতাই এই মন্তব্য কৰে।
আৰু পঢ়িব পাৰিব :সেনাৰ সন্ত্ৰাস অব্যাহত, পুনৰ ৮জনক গুলীয়াই হত্যা
তেওঁ লগতে কয়, ২৭ মাৰ্চত খেলা হ’ব আৰু বিজেপিক ‘আউট’ কৰি পেলোৱা হ’ব। ইফালে, বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে মমতাক সমালোচনা কৰি পুৰুলিয়াত তৃণমূলৰ নিৰ্বাচনী শ্লোগান ‘খেলা হবে’ ব্যৱহাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মমতাই মোদীক ‘নকলজীৱী’ আখ্যা দিয়ে।
Leave A Comment