• যিকোনো প্ৰকাৰে ভাৰতীয়সকলক উদ্ধাৰ কৰিব লাগিব! মোদীৰ নিৰ্দেশ

    ৰাষ্ট্ৰীয়
    যিকোনো প্ৰকাৰে ভাৰতীয়সকলক উদ্ধাৰ কৰিব লাগিব! মোদীৰ নিৰ্দেশ

    নতুন দিল্লী : আফগানিস্তানত আবদ্ধ হৈ পৰা ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনাটোকেই এতিয়া প্ৰধানকৈ অগ্ৰাধিকাৰ দিয়া হ’ব। কেৱল নিজৰ দেশৰ নাগৰিককেই নহয়, হিন্দু, শিখসহ সকলো আফগান নাগৰিককে প্ৰয়োজনত সহযোগিতা কৰিব ভাৰতে। আফগানিস্তানৰ পৰিস্থিতিক লৈ নিৰাপত্তা সংক্ৰান্তীয় কেবিনেট কমিটীৰ বৈঠকত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।





    আফগানিস্তানৰ পৰিস্থিতিক লৈ মঙলবাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত নিৰাপত্তা বিষয়ক কেবিনেট কমিটীৰ বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল। তদুপৰি প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনো উপস্থিত আছিল বৈঠকত। কেন্দ্ৰীয় কেবিনেট সচিব ৰাজীৱ গৌবা, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰ, ভাৰতৰ বৈদেশিক সচিব হৰ্ষ শ্ৰীংলাও বৈঠকত উপস্থিত আছিল। ইয়াৰ লগতে আফগানিস্তানৰ পৰা





    উভতি অহা ভাৰতৰ ৰাষ্ট্ৰদূত ৰুদ্ৰেন্দ্ৰ টেণ্ডনকো বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছিল। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বৈঠকত প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰতে কেৱল নিজৰ নাগৰিককে নহয়, আফগানিস্তানৰ সংখ্যালঘু হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকে বিচাৰিলে তেওঁলোককো আশ্ৰয় দিব। ইয়াৰ লগতে যিসকল আফগান লোকে ভাৰতৰ সহায় বিচাৰে তেওঁলোকৰ বিষয়টোও চিন্তা কৰা হ’ব।’ তালিবানে আফগানিস্তানত ক্ষমতা দখল কৰা ঘটনাক লৈ বৈঠকত উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। যুদ্ধবিধ্বস্ত দেশখনত যিসকল ভাৰতীয় আবদ্ধ হৈ আছে, যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকক নিৰাপদে দেশলৈ ঘূৰাই অনাৰ বাবে চৰকাৰৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে মোদীয়ে। তাৰ বাবে প্ৰয়োজনত কাবুলসহ আফগানিস্তানৰ আন চহৰলৈ পৰ্যাপ্ত বিমান প্ৰেৰণৰ নিৰ্দেশ দিয়ে মোদীয়ে।