Breaking News
ডিজিটেল ডেস্ক: ভাৰতীয় ৰাজনীতিৰ এক ব্যতিক্ৰমী চৰিত্ৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। উন্নয়নৰ ৰাজনীতিৰ বাবে জনাজাত কেজৰিৱালৰ চিন্তাধাৰাও ব্যতিক্ৰমী।
আজি নিজৰ দলীয় নেতা আৰু কৰ্মীৰ এখনি সভাত ভাষণ দি তেওঁ প্ৰত্যেককে নিৰ্বাচনী টিকট আৰু পদবীৰ বাবে হাবিয়াস কৰাৰ সলনি দেশ তথা সমাজৰ বাবে আন্তৰিকতাৰে কৰ্তব্য পালন কৰি গৈ নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ আহ্বান জনায়।
“আপুনি যদিহে মোৰ ওচৰলৈ পদবী বিচাৰি আহে তেন্তে মই বুজিম যে আপোনাৰ যোগ্যতা নাই আৰু সেইবাবেই আপুনি পদবী বিচাৰিবলগীয়া হৈছে।দৰাচলতে সেয়া কৰাৰ সলনি আপুনি এইভাৱে কৰ্ম কৰা উচিত যাতে মই নিজেই আপোনাক পদবী যাচিবলৈ বাধ্য হওঁ”।
উল্লেখ্য যে আম আদমি পাৰ্টিয়ে সমাগত পঞ্জাৱ, গোৱা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যহত ৰাখিছে। কেজৰিৱালে বিভিন্ন স্থানৰ দলীয় নেতা-কৰ্মীৰ সৈতে সভা অনুষ্ঠিত কৰি তেওঁলোকক উৎসাহিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
Leave A Comment