North East
কাণপুৰ : দেশত সঘনাই বৃদ্ধি পাইছে নাৰী নিৰ্যাতন তথা শোষণৰ ঘটনা৷ সুৰক্ষাৰ দায়িত্বত থকা লোকেই যেতিয়া নাৰীক নিৰ্যাতন কৰাৰ বাতৰি প্ৰকাশিত হ’বলৈ ধৰে, তেতিয়াই নাৰী সুৰক্ষাৰ দিশটোত ওপৰত ভয়ংকৰ প্ৰত্যাহ্বান আহি পৰে৷ বিশেষকৈ উত্তৰ প্ৰদেশত দৈনিক নাৰীৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাই এতিয়া সকলোকে শংকিত কৰি তুলিছে৷ এগৰাকী ২৫ বছৰীয়া যুৱতীয়ে দুটা বছৰ ধৰি যৌন নিৰ্যাতনৰ বলি হৈ অহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷
জানিব পৰা মতে যুৱতীগৰাকীক নিজ খুৰাকেই এই নিৰ্লজ কাণ্ড সংঘটিত কৰিছে৷ এগৰাকী আৰক্ষীৰ কনিষ্টবল হিচাপে কৰ্মৰত এইজন লম্পটে বিভিন্ন কৌশলেৰে কামনাৰ বলি কৰিছিল নিজ ভতিজাকক৷ অৱশেষত যুৱতীগৰাকীয়ে এই পাশৱিক অত্যাচাৰৰ সহ্য কৰিব নোৱাৰি গংগা নৈত আত্মহত্যাৰ চেষ্টা চলায়৷
দেওবাৰে সন্ধিয়া যুৱতীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ সময়তে গাড়ীৰ চালক আৰু স্থানীয় আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ আনে আৰু ইয়াৰ পাছতে সমগ্ৰ ঘৃণনীয় কাণ্ড পোহৰলৈ আহে৷ আৰক্ষীয়ে জনোৱা মতে যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে যদিও আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্তজনক৷
অভিযুক্ত যান-বাহন আৰক্ষীৰ মুখ্য কনিষ্টবলজনে ২০১৯ বৰ্ষত মিৰ্জাপুৰ জিলাৰ যুৱতীগৰাকীৰ পৰিয়ালক আহমেদাবাদৰ কুম্ভ মেলালৈ নিমন্ত্ৰণ দিছিল৷ যুৱতীগৰাকীয়ে উল্লেখ কৰা অভিযোগ মতে সেই সময়ত যুৱতীগৰাকীক এখন হোটেলত ঠাণ্ডা পানীয়ৰ সৈতে অচেতন হোৱা দৰব মিহলি কৰি দিছিল আৰু যৌন নিৰ্যাতন চলাই ভিডিঅ’ প্ৰস্তুত কৰিছিল৷ পৰৱৰ্তী সময়ত সেই ভিডিঅ’ৰ জৰিয়তে ব্লেকমেইল কৰি আহিছিল দীৰ্ঘদিনে৷
আৰক্ষী আয়ুক্তই জনোৱা মতে যুৱতীগৰাকীক দুটা বছৰ ধৰি যৌন নিৰ্যাতন চলাই আহিছে খুৰাকে৷ উল্লেখ্য যে যুৱতীগৰাকীক গৰ্ভপাত কৰাবৰ বাবেও ঔষধ যোগান ধৰিছিল লম্পট খুৰাকে৷ পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে এই কাৰ্যত বাধা প্ৰদান কৰিছিল যদিও শাৰিৰীকভাৱেও যথেষ্ট অপদষ্ট কৰিছিল অভিযুক্তই৷ আৰক্ষীয়ে জনোৱা মতে এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।
Leave A Comment