• লোমহৰ্ষক : বান্দ্ৰাৰ হাস্পতালত অগ্নিকাণ্ডত ১০ নৱজাতকৰ মৃত্যু

    ৰাষ্ট্ৰীয়
    লোমহৰ্ষক : বান্দ্ৰাৰ হাস্পতালত অগ্নিকাণ্ডত ১০ নৱজাতকৰ মৃত্যু

    বান্দ্ৰা : মহাৰাষ্ট্ৰৰ বান্দ্ৰাৰ এখন হাস্পতালত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। হাস্পতালখনত পুৱতি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত দহটিকৈ শিশুৰ মৃত্যু হৈছে। এই লোমহৰ্ষক ঘটনাক লৈ দেশজুৰি শোকৰ ছাঁ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক ‘হৃদয় বিদাৰক ট্ৰেজেডি’ আখ্যা দি শোক প্ৰকাশ কৰিছে। হাস্পতালখনৰ ‘স্পেচিয়েল নিউবৰ্ণ কেয়াৰ ইউনিট’ত ১৭টি নৱজাতক চিকিৎসাধীন গৈ আছিল।

    আৰু পঢ়িব পাৰিব : কাৰাৰুদ্ধ অখিল গগৈ ‘ৰাইজৰ দল’ৰ সভাপতি : ৯০ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন…

    মুম্বাইৰ পৰা ৯০০ কিলোমিটাৰ আঁতৰত অৱস্থিত চাৰিমহলীয়া হাস্পতালখনত অগ্নিকাণ্ড সংঘটিত হয়। ১৭টি শিশুৰ ভিতৰত ৭টিক অগ্নিকাণ্ডৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আন শিশুকেইটিক উদ্ধাৰ কৰা সম্ভৱ নহ’ল। এই ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে, ‘মহাৰাষ্ট্ৰৰ বান্দ্ৰাৰ ঘটনা হৃদয়বিদাৰক। আমি কেইবাটিও শিশুৰ অমূল্য জীৱন হেৰুৱাবলগীয়া হ’ল। ভুক্তভুগী পৰিয়ালসমূহৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলৰো আশু আৰোগ্য কামনা কৰিছোঁ।’

    আৰু পঢ়িব পাৰিব : দেশদ্ৰোহ! বান্দ্ৰা আৰক্ষীৰ সন্মুখত ভগ্নীসহ হাজিৰ কংগনা

    কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী ভুক্তভুগীসকলক সকলো ধৰণৰ সাহায্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ পাইছে। মহাৰাষ্ট্ৰৰ মু্খ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ইতিমধ্যে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।