International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
নতুন দিল্লী : কংগ্ৰেছৰ শীৰ্ষ নেতা তথা সাংসদ শশী থাৰুৰলৈ বৃহৎ সকাহ। দীঘলীয়া প্ৰতীক্ষাৰ অন্তত ন্যায়ালয়ে সকাহ দিলে দেশৰ জ্যেষ্ঠ ৰাজনীতিকগৰাকীক। তেওঁৰ পত্নী সুনন্দ পুষ্কৰৰ আত্মহত্যাৰ গোচৰৰ পৰা তেওঁক ন্যায়ালয়ে মুক্ত কৰি দিয়ে।
উল্লেখ্য যে, ২০১৪ চনৰ ১৭ জানুৱাৰীত দিল্লীৰ এখন বিলাসী হোটেলৰ পৰা সুনন্দা পুষ্কৰৰ মৃতদেহ উদ্ধাৰ হৈছিল। শশী থাৰুৰৰ বিৰুদ্ধে আত্মহত্যাত উচতনি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰিছিল দিল্লী আৰক্ষীয়ে। কিন্তু ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে কোনো গোচৰ চলাবলৈ অস্বীকাৰ কৰে আৰু তেওঁক সকলো গোচৰৰ পৰা মুক্ত কৰি দিয়ে।
এই ৰায়ৰ পাছতে ন্যয়ালয়ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি থাৰুৰে কয়, বিগত চাৰে সাত বছৰে তীব্ৰ নিৰ্যাতন সহ্য কৰিলোঁ ন্যায়ালয়ৰ এই ৰায়ক লৈ মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। থাৰুৰৰ বিৰুদ্ধে অভিযোগ প্ৰমাণ কৰিব পৰাকৈ কোনো প্ৰমাণ নথকা বুলি তেওঁৰ অধিবক্তাই প্ৰকাশ কৰে।
Leave A Comment