International
শ্ৰীনগৰ : শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ ভাৰত-পাক সীমান্তত ফুটা নাই এটাও গুলী। দুয়োখন দেশে যুদ্ধবিৰতিৰ চুক্তি সম্পূৰ্ণৰূপে পালন কৰাৰ বাবে সহমত প্ৰকাশ কৰাৰ পাছত এলঅ’চি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰিস্থিতিলৈ চকুত লগা পৰিৱৰ্তন অহা বুলি প্ৰকাশ পাইছে।
আৰু পঢ়িব পাৰিব : আসন বুজাবুজি : অখিল গগৈৰে লুৰিণৰ বৈঠক, শীঘ্ৰেই ঘোষণা
আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে, ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধবিৰতি মানি চলাৰ এই সিদ্ধান্ত দুয়ো দেশৰ লগতে সীমান্তবাসী নাগৰিকসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। বিষয়াগৰাকীয়ে প্ৰকাশ কৰে যে, ‘যুদ্ধবিৰতি মানি চলাৰ বাবে দুয়ো দেশ সন্মত হোৱাৰ পাছৰে পৰা সীমান্তত এটাও গুলী ফুটা নাই।’
আৰু পঢ়িব পাৰিব : আপুনি তেওঁক বিয়া কৰাবনে? ধৰ্ষণকাৰীক ন্যায়ালয়ৰ প্ৰশ্ন
দুয়ো দেশৰ সামৰিক অভিযানৰ সঞ্চালকপ্ৰধানৰ মাজত হোৱা আলোচনামৰ্মে ২৪ ফেব্ৰুৱাৰীৰ মাজনিশাৰ পৰা যুদ্ধবিৰতি মানি চলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল দুয়ো দেশৰ সামৰিক বাহিনীয়ে। সীমান্তৰ শান্তি আৰু সুস্থিৰতাৰ বাবে শেহতীয়া এই কাৰ্যকৰী পদক্ষেপ আশাপ্ৰদ বিবেচিত হৈছে।
Leave A Comment