• শিশু কন্যাৰ যৌন উৎপীড়নৰ গোচৰত বিভ্ৰান্তিকৰ ৰায় ব'ম্বে উচ্চ ন্যায়ালয়ৰ

    ৰাষ্ট্ৰীয়
    শিশু কন্যাৰ যৌন উৎপীড়নৰ গোচৰত বিভ্ৰান্তিকৰ ৰায় ব'ম্বে উচ্চ ন্যায়ালয়ৰ

    মুম্বাই: ব'ম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠৰ এক ৰায়দান অনুসৰি এগৰাকী নাবালিকাৰ হাতত ধৰি এজন পুৰুষে পেণ্টৰ জিপ খোলাটো যৌন উৎপীড়নৰ অধীনত নপৰে। ন্যায়াধীশ পুষ্প গানেদিৱালাৰ বিচাৰপীঠে ১৫ জানুৱাৰীত এজন ৫০বছৰীয়া ব্যক্তিয়ে পাঁচ বছৰীয়া এজনী ছোৱালীক যৌন নিৰ্যাতন আৰু উৎপীড়ন কৰাৰ বাবে দোষী ঘোষণা কৰা আদালতৰ এক আদেশক প্ৰত্যাহ্বান জনাই দিয়া আৱেদন সন্দৰ্ভত বিচাৰ প্ৰদান কৰোঁতে এই ৰায় দিয়ে৷





    আৰু পঢ়িব পাৰিব : গোলাঘাটৰ বৰপথাৰত শোকাৱহ পথ দুর্ঘটনাত এজনৰ মৃত্যু





    লিবনাছ কুজুৰ নামৰ লোকজনক অসৎকাৰ্যৰ বাবে বিগত বৰ্ষত আইপিচিৰ দুটা আৰু পকছ' আইনৰ দুটাকৈ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল আৰু পাঁচ বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছিল। উচ্চ ন্যায়ালয়ে লগতে কয় যে, বৰ্তমানৰ গোচৰটোৰ তথ্যবোৰ যৌন উৎপীড়নৰ অভিযোগৰ বাবে অভিযুক্তক অপৰাধী সাব্যস্ত কৰিবলৈ পৰ্যাপ্ত নহয়।





    আৰু পঢ়িব পাৰিব : সাংসদ গৌৰৱ গগৈৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাত হিংসা হৈছে হিমন্তৰ – ৰকিবুল হুছেইন





    উল্লেখ্য যে, অভিযোগ অনুসৰি কুজুৱে ২০১৮ চনৰ ১২ ফেব্ৰুৱাৰীত ভুক্তভোগীৰ ঘৰত মাক কামলৈ যোৱা অৱস্থাত প্ৰৱেশ কৰিছিল আৰু যেতিয়া মাক কামৰপৰা উভতি আহিছিল, তেতিয়া তেওঁ অভিযুক্তজনক তেওঁৰ পেণ্টৰ জিপ খুলি ছোৱালীজনীৰ হাতত ধৰি থকা দেখিছিল।