• শোকাৱহ ঘটনাত মৃত্যু পাঁচটিকৈ শিশুৰ

    ৰাষ্ট্ৰীয়
    শোকাৱহ ঘটনাত মৃত্যু পাঁচটিকৈ শিশুৰ

    বিকানেৰ : ৰাজস্থানৰ বিকানেৰত এক শোকাৱহ ঘটনাত প্ৰাণ হেৰুৱাইছে ৫টিকৈ শিশুৱে। বিকানেৰৰ হিম্মাতাছাৰ গাঁৱত এই শোকাৱহ ঘটনা সংঘটিত হয়। শিশুকেইটিয়ে খেলি থকাৰ সময়ত এখন শষ্য ৰখা এটা কণ্টেইনাৰত প্ৰৱেশ কৰে আৰু তাতেই উশাহ বন্ধ হৈ মৃত্যুমুখত পৰে।





    আৰু পঢ়িব পাৰিব : গুৰগ্ৰামত উজলিল উত্তৰ-পূৱৰ সাজপাৰ, খাদ্য সম্ভাৰ !





    দেওবাৰে সংঘটিত হোৱা এই ঘটনাৰ বিষয়ে আৰক্ষীয়ে আজি প্ৰকাশ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে কণ্টেইনাৰটো প্ৰায় খালী আছিল আৰু খেলি থকাৰ মাজতে শিশুকেইটিয়ে তাৰ ভিতৰত এটা এটাকৈ জঁপিয়াই দিয়ে। তাৰ পাছতে কণ্টেইনাৰটো নিজে নিজে বন্ধ হৈ পৰে আৰু শিশুকেইটি ভিতৰত আবদ্ধ হৈ পৰে।





    আৰু পঢ়িব পাৰিব : দুটা সন্তান কিয়? বেছি ৰেচন লাগিলে ২০টা জন্ম দিয়ক…





    কণ্টেইনাৰৰ ভিতৰত উশাহ বন্ধ হৈ শোকাৱহভাৱে মৃত্যুমুখত পৰা শিশুকেইটি সেৱাৰাম (৪), ৰবীনা (৭), ৰাধা (৫), পুনম(৮) আৰু মালি বুলি জানিব পৰা গৈছে। শিশুকেইটিক কণ্টেইনাৰৰ ভিতৰত উদ্ধাৰৰ পাছত তেওঁলোকক সমীপৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও এটি শিশুৰো জীৱন ৰক্ষা নপৰিল।