• সংক্ৰমণৰ মাজতে দেশত ক'ভিডত আৰোগ্যৰ হাৰৰ এক নতুন ৰেঙনি

    ৰাষ্ট্ৰীয়
    সংক্ৰমণৰ মাজতে দেশত ক'ভিডত আৰোগ্যৰ হাৰৰ এক নতুন ৰেঙনি

    গুৱাহাটী : দেশত কৰ'নাৰ ভয়াৱহ সংক্ৰমণ অব্যহত আছে৷ এই সংক্ৰমণৰ মাজতে দেশত ক'ভিডত আৰোগ্যৰ হাৰে এক নতুন ৰেঙনিৰ সৃষ্টি কৰিছে৷ শনিবাৰে, দেশত সুস্থ হৈ উঠে ৩লাখ ৮ হাজাৰ ৫২২জন লোক। দেশত বিগত ১০ দিনত একেৰাহে ৩ লাখৰো অধিক লোক আক্ৰান্ত হৈছে কৰ'নাত।

    আৰু পঢ়িব পাৰিব পৰাজয়ৰ গ্ৰাসত কোন কোন হেভীৱেট প্ৰাৰ্থী?

    দেওবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত প্ৰায় ৩,৯২,৪৮৮ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯৷ যাৰ ফলত দেশত ১,৯৫,৫৭,৪৫৭ জনলৈ বৃদ্ধি হয় কৰ'না আক্ৰান্তৰ। এইটোৱে নতুন সংক্ৰমণৰ নূন্যতম হ্ৰাস হিচাপে চিহ্নিত কৰে কিয়নো দেশখনত শনিবাৰে ৪ লাখৰো অধিক লোকৰ দেহত কৰ'নাৰ সংক্ৰমণ হয়৷ যিটোৱে কৰ'নাৰ ভয়ংকৰ সংক্ৰমণৰ মাইল খুঁটি অতিক্ৰম কৰিছিল।

    আৰু পঢ়িব পাৰিব ক’ভিডত আক্ৰান্ত হৈ নগাঁৱত পুনৰ দুজনৰ মৃত্যু

    বৰ্তমানেও কৰ'নাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য হিচাপে চিহ্নিত হৈছে মহাৰাষ্ট্ৰ৷ বিগত ২৪ ঘণ্টাত ৬৩,২৮২ টা নতুন ক'ভিড ৰোগীৰ চিনাক্ত হোৱাৰ বিপৰীতে ৮০২ জনলোকৰ মৃত্যুৰ হয়। ইয়াৰ উপৰি, বিভিন্ন চিকিৎসালয়ৰ পৰা ৩,০৭,৮৬৫ জনক অব্যাহতি দিয়া হৈছিল, যাৰ ফলত ভাৰতত মুঠ আৰোগ্যৰ সংখ্যা ১,৫৯,৯২,২৭ লৈ বৃদ্ধি হয়।