Regional
Meanwhile, the police recovered the dumper truck (AS01NC4919) from the spot. However, the driver fled after the accident.
নতুন দিল্লী : সন্ত্ৰাসবাদীক সহায় কৰি চাকৰি হেৰুৱালে জম্মু-কাশ্মীৰৰ ১১জনকৈ চৰকাৰী কৰ্মচাৰীয়ে। জম্মু-কাশ্মীৰ প্ৰশাসনে এই ১১জন লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। এই ১১জন লোকৰ ভিতৰত মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী ছৈয়দ ছাহাবুদ্দিনৰ দুজন পুত্ৰও আছে। সন্ত্ৰাসবাদীক তথ্য যোগান ধৰা তথা লজিষ্টিক ছাপৰ্ট যোগান ধৰাৰ অভিযোগত তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।
এগৰাকী শীৰ্ষ চৰকাৰী বিষয়াই প্ৰকাশ কৰে যে, ছৈয়দ আহমেদ ছাকিল আৰু শ্বাহিদ ইউছুফ নামৰ সন্ত্ৰাসবাদী ছৈয়দ ছাহাবুদ্দিনৰ দুজন পুত্ৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। তেওঁলোকে সন্ত্ৰাসবাদীক ধন যোগান ধৰিছিল বুলি তেওঁ প্ৰকাশ কৰে। হিজবুল মুজাহিদীনক হাৱালাৰ জৰিয়তে তেওঁলোকে ধনৰ যোগান ধৰা বুলি নিয়াই ধৰা পেলাইছিল। তেওঁলোক সন্ত্ৰাসবাদী সংগঠনটোৰ বাবে ধন সংগ্ৰহ, গ্ৰহণ, সৰবৰাহ কৰাৰ দৰে দেশবিৰোধী কামত জড়িত আছিল। এই তথ্য পোহৰলৈ অহাৰ পাছতে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। মুঠ ১১জন লোকৰ ভিতৰত চাৰিজন জম্মু-কাশ্মীৰৰ শিক্ষা বিভাগৰ কৰ্মচাৰী আছিল। আন দুজন আৰক্ষী বিভাগত কৰ্মৰত হৈ আছিল। এজন স্বাস্থ্য বিভাগত আৰু আন কেইজন আন বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত আছিল।
Leave A Comment