North East
নতুন দিল্লী : সন্ত্ৰাসবাদীয়ে নৃশংসতাৰে নিঃশেষ কৰিলে এটা পৰিয়াল। ঘৰৰ ভিতৰত সোমাই এটা পৰিয়ালৰ তিনিজনৰ প্ৰাণ কাঢ়িলে সন্ত্ৰাসবাদীয়ে। প্ৰথমে পিতৃ-মাতৃ আৰু এতিয়া আহত কন্যায়ো প্ৰাণ হেৰুৱাবলগীয়া হ’ল এই নৃশংস আক্ৰমণত। কিন্তু কিহৰ বাবে এই হত্যালীলা? কাৰণ এটাই পৰিয়ালটোৰ মুৰব্বীগৰাকী আছিল বিশেষ শাখাৰ আৰক্ষী বিষয়া। জম্মু-কাশ্মীৰত এই ঘটনা সংঘটিত হৈছে।
আৰু পঢ়িব পাৰিব : ৰক্ষকেই ভক্ষক! অপহৃত ব্যৱসায়ীক উদ্ধাৰ, কনিষ্টবলসহ গ্ৰেপ্তাৰ চাৰি
দেওবাৰে দিনৰ প্ৰায় ১১বজাত ফায়াজ আহমেদ নামৰ আৰক্ষী বিষয়াগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ধাৰাসাৰে গুলীবৰ্ষণ কৰিছিল সন্ত্ৰাসবাদীয়ে। গুলীবিদ্ধ ফায়াজ আহমেদ, তেওঁৰ পত্নী ৰাজা বেগম আৰু ৰাফিয়াক ততালিকে হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও ফায়াজ আহমেদ আৰু পত্নীৰ মৃত্যু হয়। কন্যা ৰাফিয়াই মৃত্যুৰ যুঁজ কৰি চিকিৎসা গ্ৰহণ কৰি আছিল যদিও তেৱোঁ আজি মৃত্যুক সাবটি ল’বলগীয়া হয়।
আৰু পঢ়িব পাৰিব : ডিব্ৰুগড়ত ক’ভিডত মৃত্যু ১১ মহীয়া শিশুৰ
পুলৱামাত সংঘটিত হোৱা এই ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। আৰক্ষী বিষয়াগৰাকীয়ে পৰিয়ালৰ সৈতে অৱন্তীপোৰাৰ হৰিপৰিগামত বাস কৰিছিল বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই ঘটনাৰ পাছতে নিৰাপত্তাবাহিনীয়ে অঞ্চলটো ঘেৰি ধৰিছে আৰু তীব্ৰ তালাচী অভিযান চলাই আছে।
Leave A Comment