• সন্ত্ৰাসমুক্ত হোৱা নাই জম্মু-কাশ্মীৰ, পুনৰ শ্বহীদ জোৱান

    ৰাষ্ট্ৰীয়
    সন্ত্ৰাসমুক্ত হোৱা নাই জম্মু-কাশ্মীৰ, পুনৰ শ্বহীদ জোৱান

    জম্মু : জম্মু-কাশ্মীৰৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা সেনা-নিৰাপত্তাবাহিনীসমূহৰ প্ৰয়াস অব্যাহত আছে। কিন্তু সম্পূ্ৰ্ণ স্বাভাৱিক হোৱা নাই উপত্যকাটোৰ পৰিস্থিতি। কিছুদিন পূ্ৰ্বে পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে ড্ৰোন আক্ৰমণ চলোৱাৰ পাছত এইবাৰ উপত্যকাটোত সংঘটিত হৈছে সংঘৰ্ষ। সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এজন সেনা জোৱান শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে।





    জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত এই সংঘৰ্ষৰ ঘটনা সংঘটিত হয়। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ লাভৰ পাছতে তালাচী অভিযান আৰম্ভ কৰিছিল সেনা তথা নিৰাপত্তাবাহিনীৰ এটা দলে। সেই সময়তে ৰাজপোৰা এলেকাৰ হানজিন গাঁৱত নিৰাপত্তাবাহিনীলৈ লক্ষ্য কৰি গুলীচালনা কৰে সন্ত্ৰাসবাদীৰ দলে। সেনাই এই আক্ৰমণৰ প্ৰত্যুত্তৰি দিয়ে। সংঘৰ্ষৰ সময়ত গুলীবিদ্ধ হোৱা এজন জোৱানৰ পাছত হাস্পতালত মৃত্যু হয়।





    কালি মাজনিশাৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষ আজি পুৱালৈকে চলি থকা বুলি প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীৰ এক সূত্ৰই। অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা বৃহৎ দলে আত্মগোপন কৰি থকা বুলি আশংকা প্ৰকাশ কৰিছে সেনা সূত্ৰই। অঞ্চলটোত অভিযান অব্যাহত আছে।