Sports
কোঝিকোড় : কেৰালাৰ কোঝিকোড় ৰেল ষ্টেচনত উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ বিস্ফোৰক। ১০০তকৈও অধিক জিলেটিন ষ্টিক আৰু ৩৫০টা ডিটনেটৰ উদ্ধাৰ হৈছে এগৰাকী ৰে'ল যাত্ৰীৰ পৰা।
আৰু পঢ়িব পাৰিব :খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম সম্পূৰ্ণ নৌহওতেই মাজুলীৰ পৰা পলায়ন টি কে কোম্পানী
ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, আৰপিএফে চেন্নাই-মংগলাপুৰম এক্সপ্ৰেছৰ এগৰাকী মহিলা যাত্ৰীৰ জিম্মাৰ পৰা এই বৃহৎ পৰিমাণৰ বিস্ফোৰকখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তামিলনাডুৰ বাসিন্দা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰু পঢ়িব পাৰিব :নৃশংস : হত্যাকাৰীয়ে ৰান্ধি খুৱালে ভুক্তভোগীৰ হৃদপিণ্ড
নিজৰ আসনৰ তলত বিস্ফোৰকখিনি ৰাখি ৰে'লত যাত্ৰা কৰিছিল মহিলাগৰাকীয়ে। আৰক্ষীয়ে বিভিন্ন দৃষ্টিকোণৰ পৰা এই ঘটনাৰ তদন্ত কৰি থকা বুলি প্ৰকাশ কৰিছে। কেৰালাত এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনেদৰে বৃহৎ মাত্ৰাত বিস্ফোৰক উদ্ধাৰ হোৱাটো চিন্তনীয় বুলি বিবেচিত হৈছে।
Leave A Comment