ৰাষ্ট্ৰীয়
লাডাখঃ পৃথিৱীৰ সবাটোকৈ উচ্চ স্থানত নিৰ্মাণ কৰা হৈছে এটা চিনেমা হল। লাডাখৰ লেহাৰ পালডনৰ 'পিকচাৰ টাইম' নামৰ চিনেমা হলটো চীনৰ সীমান্তত নিৰ্মাণ কৰা হৈছে। সাগৰ পৃষ্ঠৰ পৰা ১১,৫৬২ ফুট উচ্চতাত নিৰ্মিত চিনেমা হলটো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত বলীউড অভিনেতা পংকজ ত্ৰিপাঠী উপস্থিত থাকে। লগতে উপস্থিত থাকে লাডাখ বুডিষ্ট এছ'ছিয়েশ্যনৰ সভাপতি থুপস্তান চেৱাং। চাংপা নোমাডছৰ চুটি ছবি 'চেইন' পৃথিৱীৰ আটাইতকৈ ওখ চিনেমা হলত পোন প্ৰথমে অনুষ্ঠানত প্ৰদৰ্শিত হৈছিল।
একেটা দিনতে সন্ধিয়া অক্ষয় কুমাৰৰ বহুল বিতৰ্ক সৃষ্টি কৰা ছবি 'বেল বটম' প্ৰদৰ্শিত হৈছিল। ১২০ খন আসনৰ সম্পূৰ্ণ শীত-তাপ নিয়ন্ত্ৰিত ডিজিটেল চিনেমা হলটোৰ মূল্য ৬৫,০০০ ডলাৰ বুলি জানিবলৈ পোৱা গৈছে। চিনেমা হলটোৰ মুখ্য উদ্যোগী সুশীলে সদৰী কৰে যে, ‘দূৰৱৰ্তী পাহাৰীয়া অঞ্চলসমূহৰ নাগৰিকক মনোৰঞ্জন প্ৰদানৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে।‘ অঞ্চলটোত আৰু ৪টা চিনেমা হল মুকলিৰ কথাও প্ৰকাশ কৰিছে সুশীলে।
উল্লেখ্য যে, চিনেমা হলটোত পৰ্যাপ্ত আধুনিক সা-সুবিধা আছে। চিনেমাখন -২৮ ডিগ্ৰী চেলচিয়াছ উষ্ণতাত বহি উপভোগ কৰা যাব। টিকটৰ মূল্য মাত্ৰ ৭০ টকা। প্ৰতি বছৰে, সমগ্ৰ বিশ্বৰ পৰা বহুতো লোক লাডাখত একত্ৰিত হয়। নতুন থিয়েটাৰখনে অধিক পৰ্যটকক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে। পৃথিৱীৰ আটাইতকৈ ওখ চিনেমা হলত বহি চিনেমা চোৱাৰ বিমল আনন্দৰ ভাগ-বতৰা পৰ্যটকসকলে নিশ্চিতভাৱে কৰিব! প্ৰণিধানযোগ্য যে, ভাৰতত প্ৰতি বছৰে ১হাজাৰৰো অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰা হয় লাডাখত। ইয়াৰে এক-পঞ্চমাংশই হিন্দীত নিৰ্মাণ কৰা হয়।
Leave A Comment