• সাময়িক সকাহ! দিল্লীৰ চিকিৎসালয়লৈ অক্সিজেনৰ নতুন যোগান

    ৰাষ্ট্ৰীয়
    সাময়িক সকাহ! দিল্লীৰ চিকিৎসালয়লৈ অক্সিজেনৰ নতুন যোগান

    নতুন দিল্লী : দিল্লীৰ স্বাস্থ্যখণ্ডত অক্সিজেনৰ নাটনিয়ে সৃষ্টি কৰা সংকটৰ সাময়িক নিৰসন সম্ভৱ হৈছে। ৰাজ্যখনৰ ভালেমান চিকিৎসালয়ত মঙলবাৰে নিশা যোগান ধৰা হৈছে অক্সিজেন। গংগাৰাম হাস্পতাল, গুৰু টেগ বাহাদুৰ হাস্পতাল আদিকে ধৰি ভালেমান চিকিৎসালয়ত মঙলবাৰে নিশা যোগান ধৰা হয় অক্সিজেন।





    আৰু পঢ়িব পাৰিব:আলফা স্বাধীনৰ হাতত পুনৰ অপহৃত হ’ল ONGCৰ ৩ জন অসমীয়া বিষয়া-কৰ্মচাৰী





    যিবোৰ চিকিৎসালয়ত কম সময়ৰ ভিতৰতে অক্সিজেন নাইকিয়া হৈ পৰাৰ আশংকা গাঢ় হৈ পৰিছিল। কালি নিশা লোকনায়ক জয়প্ৰকাশ নাৰায়ণ চিকিৎসালয়ে লাভ কৰে ১০টন অক্সিজেন। চিকিৎসালয়খনে এতিয়ালৈ এইখিনি অক্সিজেন পৰ্যাপ্ত বুলি সদৰি কৰিছে। গংগাৰাম হাস্পতালে কালি লাভ কৰে মুঠ ১৪০০০ কিউবিক মিটাৰ অক্সিজেনৰ দুটাকৈ কনছাইনমেণ্ট।





    আৰু পঢ়িব পাৰিব:ক’ভিড পৰিস্থিতিক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা। কি আছে এই নিৰ্দেশনাত?





    এনেদৰে আন ভালেকেইখন গুৰুত্বপূৰ্ণ চিকিৎসালয়েও লাভ কৰিছে অক্সিজেনৰ নতুন যোগান। এই যোগানে চিকিৎসালয়কেইখনৰ লগতে দিল্লীৰ ক’ভিড চিকিৎসালৈ অহা সংকট সাময়িকভাৱে নিৰসন হোৱাৰ সম্ভাৱনা দেখা গৈছে।