• সাৱধান! ‘গুলাব’-এ প্ৰাণ কাঢ়িলে ৩ জনৰ, অসমলৈও অশনি সংকেট

    ৰাষ্ট্ৰীয়
    সাৱধান! ‘গুলাব’-এ প্ৰাণ কাঢ়িলে ৩ জনৰ, অসমলৈও অশনি সংকেট

    ডিজিটেল ডেস্ক : যেন এক মৃত্যুৰ বিভীষিকাই হাত বাউলি দি মাতিছিল তেওঁলোকক৷ মাছ বিক্ৰী কৰি পৰিয়ালক পোহপাল দিয়া মাছমৰীয়াকেইজনে আনদিনাৰ দৰে দেওবাৰেও গৈছিল মাছ ধৰিবলৈ৷ কিন্তু সময় আছিল প্ৰতিকুল৷ মাছ ধৰিবলৈ যাওঁতেই অহা ঘূৰ্ণিবতাহৰ ফলত সাগৰত বিলীন হৈ যায় ৩ মাছমৰীয়া৷ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ দুজন মাছমৰীয়াৰ দেওবাৰে সন্ধিয়া বংগোপসাগৰত উঠা ঘূৰ্ণিবতাহৰ ফলত মৃত্যু হয় আৰু এজন এতিয়াও সন্ধানহীন হৈ আছে। আনহাতে, ওড়িশাৰ গঞ্জাম জিলাত ঘূৰ্ণী বতাহৰ ফলত এজন লোক উটি যায়৷





    ভাৰতীয় বতৰ বিভাগে জানিবলৈ দিয়া মতে, গুলাব সামুদ্ৰিক ধুমুহাই উপকূল অঞ্চলক বৰ্তমানেও কোবাই আছে। ক্ৰমাৎ স্থলভাগৰ দিশে আগবাঢ়িছে ঘূৰ্ণিবতাহ গুলাব। ঘূৰ্ণিবতাহ গুলাব যিমানেই উপকূললৈ আগবাঢ়িছে সিমানে উত্তাল হৈছে সাগৰৰ জলপৃষ্ঠ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ উপকূলীয় অঞ্চলত দেওবাৰ বা সোমবাৰেও থাকিব গুলাবৰ তাণ্ডৱ। ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাত।





    ওড়িশাৰ গোপালপুৰ আৰু অন্ধ্ৰপ্ৰদেশৰ কলিংগপাট্টানম ৯৫ কিলোমিটাৰ গতিত খুন্দা মৰাৰ আশংকা কৰা হৈছে গুলাব ঘূৰ্ণিবতাহে। এই ঘূৰ্ণিবতাহৰ আশংকাৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আগতীয়াকৈ গ্ৰহণ কৰা হৈছে বিভিন্ন ব্যৱস্থা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ পৰা বুজ লয় শেহতীয়া পৰিস্থিতিৰ। ইফালে, অসমতো এই গুলাব ঘূৰ্ণিবতাহৰ প্ৰভাৱ পৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।