• সাৱধান ! তিনিমাহৰ পাছত সৰ্বাধিক লোক ক'ভিড-১৯ আক্ৰান্ত...

    ৰাষ্ট্ৰীয়
    সাৱধান ! তিনিমাহৰ পাছত সৰ্বাধিক লোক ক'ভিড-১৯ আক্ৰান্ত...

    নতুন দিল্লী : কৰ’না মহামাৰীৰ পুনৰ সংক্ৰমণে আতংকিত কৰিছে দেশবাসীক৷ বিগত তিনিমাহৰ ভিতৰত সোমবাৰৰ পুৱালৈকে সৰ্বাধিক লোক আক্ৰান্ত হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য-মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২৬,২৯১টা নতুন ঘটনা ধৰা পৰিছে দেশত৷





    আৰু পঢ়িব পাৰিব : বিধ্বংসী অগ্নিকাণ্ডত ২০০ৰো অধিক কুকুৰাসহ সম্পত্তি ভস্মীভূত





    যোৱা ৮৫ দিনৰ ভিতৰত আক্ৰান্তৰ সংখ্যা এয়াই সৰ্বাধিক এটা দিনৰ ভিতৰত৷ আজি পুৱা প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ১১৮জনৰ মৃত্যু হৈছে আৰু ইয়াৰ লগে লগে সৰ্বমুঠ ১,৫৮,৭২৫ জনৰ ক'ভিড-১৯ ৰোগত মৃত্যু হৈছে৷ চিকিৎসাধীন হৈ আছে ২,১৯,২৬২ জন৷





    আৰু পঢ়িব পাৰিব : লংকাত পথৰ দাঁতিত মৃতদেহ উদ্ধাৰ! হত্যাৰ সন্দেহ





    ইপিনে কেইবাখনো চহৰত ক'ভিডৰ পুনঃসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সাপ্তাহিক আৰু সপ্তহান্তিক লকডাউন ঘোষণা কৰিছে৷ ক'ভিডৰ টিকাকৰণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে যদিও এই ভাইৰাছৰ পুনৰ সংক্ৰমণক লৈ শংকিত হৈ পৰিছে জনসাধাৰণ৷