• সুখবৰ! দেশত কৰ’নাক্ৰান্তৰ সংখ্যা ৩০ হাজাৰৰো অনূৰ্ধ্বত

    ৰাষ্ট্ৰীয়
    সুখবৰ! দেশত কৰ’নাক্ৰান্তৰ সংখ্যা ৩০ হাজাৰৰো অনূৰ্ধ্বত

    নতুন দিল্লী : দেশত অব্যাহত আছে কৰ'নাৰ সংক্ৰমণ৷ বৰ্তমানলৈ ভাৰতত ৩,৩৩,১৬,৭৫৫ জনৰ দেহত ধৰা পৰিছে কৰ'না ভাইৰাছ৷ বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে ৩,২৫,২২,১৭১জনে৷ আনহাতে মৃত্যুমুখত পৰিছে ৪,৪৩,৪৯৭জন লোক৷ বৰ্তমানলৈ ৭৫,৮৯,১২,২৭৭জনে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে৷





    ইপিনে একেৰাহে সপ্তম দিনতো সমগ্ৰ দেশৰ পৰা নতুনকৈ ক'ভিডত আক্ৰান্তৰ সংখ্যা ৩০হাজাৰৰো কম আছিল৷ দেশখনত বৰ্তমান সময়ত সৰ্বাতোকৈ বেছি কৰ'নাত আক্ৰান্ত হোৱা ৰাজ্যখন কেৰালা বুলি চিহ্নিত হৈছে৷ কেৰালাত এটা দিনটেই ১৫,৮৭৬ জন লোক কৰ'নাত আক্ৰান্ত হোৱাৰ খবৰে উদ্বিগ্ন কৰি তুলিছে৷





    তাৰ বিপৰীতে মহাৰাষ্ট্ৰত আক্ৰান্ত হয় ৩,৫৩০জন লোক৷ উত্তৰ-পূৰ্বাঞ্চলটো কৰ'নাৰ সংক্ৰমণ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে৷ উত্তৰ-পূৰ্বৰ ৰাজ্যৰ ভিতৰত মিজোৰামত ১,১৮৫জন সৰ্বাধিক আক্ৰান্ত হয়৷ আনহাতে অসমত আক্ৰান্ত হয় ৪৯৩জন৷