International
নতুন দিল্লীঃ কৰ’না মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰা দেশবাসীলৈ সুখবৰ! ভাৰতে কৰ’না প্ৰতিৰোধৰ জৰুৰী ব্যৱহাৰৰ বাবে বিশ্বৰ প্ৰথম ডিএনএ ভেকচিনৰ অনুমোদন জনাইছে। ভাৰতৰ ঔষধ নিয়ন্ত্ৰক ডিচিজিআই-এ জাইডাছ কেডিলাৰ দ্বাৰা প্ৰস্তুত কৰা তিনিপালিৰ জাইকভ-ডি ভেকচিনৰ জৰুৰী ব্যৱহাৰৰ অনুমতি দিছে। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ১২বছৰৰ ঊৰ্ধ্বৰ সকলোৱে এই ভেকচিন গ্ৰহণ কৰিব পাৰিব। দেশৰ কেন্দ্ৰীয় চৰকাৰে মুঠ ৬টা ভেকচিন কাৰ্যকৰী কৰাৰ বাবে জৰুৰী অনুমতি প্ৰদান কৰিছে।
গুজৰাটৰ কোম্পানী জাইডাছ কেডিলাই সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে এই ডিএনএ ভেকচিনটো প্ৰস্তুত কৰি উলিয়াইছে। নিৰ্মাণ কোম্পানীটোৱে তিনিটা পালিৰ ভেকচিনৰ ৬৬.৬ শতাংশলৈকে কৰ’না মহামাৰীক প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰিছে।
টুইটাৰযোগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদৰী কৰিছে যে, বিশ্বৰ প্ৰথমটো ডিএনএ ক’ভিড ভেকচিন ভাৰতীয় বিজ্ঞানীসকলৰ বাবে এক কৃতিত্ব। ইয়াৰ জৰিয়তে ভাৰতে সম্পূৰ্ণ শক্তিৰে কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ সক্ষম হ’ব।
ইফালে, চিকিৎসকসকলেও জাইকভ-ডি ভেকচিনৰ অনুমোদন লাভ কৰি সুখী। কেডিলা হেলথকেয়াৰে প্ৰকাশ কৰা মতে, ভাৰতত ভেকচিনৰ বাবে চলা এইটো আটাইতকৈ বৃহৎ পৰীক্ষণ। এই পৰীক্ষণকাৰ্যত দেশৰ ২৮হাজাৰ স্বেচ্ছাসেৱকে ৫০টাতকৈ অধিক কেন্দ্ৰত অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে, প্ৰতিবছৰে ১২০ নিযুত ডিএনএ ভেকচিনৰ পালি প্ৰস্তুত কৰিব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই আশ্বাস প্ৰদান কৰিছে।
Leave A Comment