Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
নতুন দিল্লী : দেশত ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস হৈছে যদিও দেশ কৰ’নাৰ সংক্ৰমণমুক্ত হোৱালৈ বহুদূৰ বাকী আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়েই অলপতে এইকথা প্ৰকাশ কৰিছে। দেশত বিগত ২৪ঘণ্টাত ৪১,৫০৬গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। শনিবাৰৰ তুলনাত এই সংখ্যা সামান্য কম বিবেচিত হৈছে। আনহাতে বিগত ২৪ঘণ্টাত মৃত্যু হৈছে ৮৯০জন আক্ৰান্তৰ।
দেশত মহামাৰী আৰম্ভ হোৱাৰ সময়ৰে পৰা মৃত্যু হোৱা লোকৰ সংখ্যা এতিয়া ৪.৭ কোটিৰো অধিক হৈছে। অৱশ্যে চিকিতসাধীন ৰোগীৰ সংখ্যা ৪.৫৪লাখলৈ হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাক ৪১হাজাৰৰো অধিক লোক সংক্ৰমণমুক্ত হৈ উঠিছে। দেশত এতিয়া দৈনিক সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে ২.২৫শতাংশলৈ। ক’ভিড সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠা লোকৰ সংখ্যা প্ৰায় তিনি কোটিলৈ বৃদ্ধি পাইছে। আৰোগ্যৰ হাৰ হৈছেগৈ ৯৭.২০শতাংশ।
Leave A Comment