• সুনীল ছেট্টীৰ বাসভৱন ছীল কৰিলে বিএমচি-এ

    ৰাষ্ট্ৰীয়
    সুনীল ছেট্টীৰ বাসভৱন ছীল কৰিলে বিএমচি-এ

    মুম্বাই : প্ৰখ্যাত অভিনেতা সুনীল ছেট্টীৰ বাসভৱন ছীল। বৃহন মুম্বাই মিউনিচিপাল কৰ্প’ৰেচনে ছীল কৰিলে প্ৰখ্যাত অভিনেতাগৰাকীৰ মুম্বাইৰ বাসভৱন। ক’ভিড সংক্ৰমণৰ তীব্ৰ ৰূপ নিয়ন্ত্ৰণৰ স্বাৰ্থতে মিউনিচিপাল কৰ্প’ৰেচন ছীল কৰি দিয়ে সুনীলে বাস কৰা অট্টালিকা।





    দক্ষিণ মুম্বাইৰ এল্টামাউণ্ট ৰোডত থকা ‘পৃথিৱী এপাৰ্টমেণ্ট’ নামৰ অট্টালিকাটোত থাকে তাৰকাগৰাকী। অট্টালিকাটোত কৰ’না সংক্ৰমণৰ ৫টাকৈ ঘটনা চিনাক্ত হোৱাৰ পাছত মিউনিচিপাল কৰ্প’ৰেচনে শনিবাৰে অট্টালিকাটো ছীল কৰি দিয়ে।





    সুনীল ছেট্টীয়ে তেওঁৰ পৰিয়ালৰ সৈতে অট্টালিকাটোৰ অষ্টাদশ মহলাত বাস কৰে। তেওঁ তথা তেওঁৰ পৰিয়াল নিৰাপদে থকা বুলিও বিএমচিৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে।