Regional
নতুন দিল্লী : কেৱল কাঁইটেই নহয়, ফুলবোৰো থাকে গোলাপৰ ডালত। ঠিক একেদৰে কেৱল বোকাই নহয় ভেট-পদুমো থাকে একোখন বিলত। তাৰেই এক নিদৰ্শন যেন দাঙি ধৰিছে এটি কিশোৰে। সন্ত্ৰাসজৰ্জৰ আৰু ৰাজনৈতিক অস্থিৰতাৰে ভাৰাক্ৰান্ত জম্মু-কাশ্মীৰৰ এই কিশোৰটিয়ে সফলতাৰ অনন্য এক নিদৰ্শন দাঙি ধৰিছে। নানা প্ৰতিকূলতা তথা প্ৰতিবন্ধকতা অতিক্ৰম কৰি কিশোৰটিয়ে সদ্য ঘোষিত দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।
জম্মু-কাশ্মীৰৰ উধামপুৰৰ কিশোৰটিয়ে ৰাজ্যিক শিক্ষা সংসদে ঘোষণা কৰা পৰীক্ষাৰ ফলাফলত লাভ কৰিবলৈ সক্ষম হৈছে ৯৮.০৬শতাংশ নম্বৰ। লকডাউনৰ বাবে যোৱা বছৰটো মনদ্বীপ সিং নামৰ শিক্ষাৰ্থীগৰাকীয়ে বিদ্যালয়লৈ যাব পৰা নাছিল আৰু স্মাৰ্টফোন আৰু কম্পিউটাৰ নথকা বাবে অনলাইন শ্ৰেণীতো অংশ ল’ব পৰা নাছিল। নিজৰ একান্ত অধ্যাৱসায় আৰু তেওঁৰ পৰিয়াল তথা কিছুসংখ্যক শিক্ষকৰ সহায়েৰে দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হ’ল কিশোৰজনে। আমৰোহ গাঁৱৰ বাসিন্দা কিশোৰটিৰ আকাংক্ষা হৈছে চিকিৎসক হোৱা। মনদ্বীপৰ পিতৃ শ্যাম সিং এগৰাকী খেতিয়ক আৰু মনদ্বীপেও খেতিপথাৰত মাজে-সময়ে কাম কৰে। শিক্ষাৰ্থীগৰাকীৰ এই সাফল্যৰ এতিয়া দেশজুৰি চৰ্চা হৈছে। নিজৰ শিক্ষাগুৰু আৰু পৰিয়ালৰ লোকসকলক কৃতজ্ঞতা জ্ঞাপন কৰা মনদ্বীপে প্ৰকাশ কৰে যে, খেতিপথাৰ আৰু ঘৰুৱা কাম-কাজত কৰিও তেওঁ পৰিয়ালৰ লোকসকলক সকাহ দি আহিছে।
Leave A Comment